লখিমপুৰ, ১৯ নৱেম্বৰ — ১৯৬৬ চনত যোৰহাটত নতুন ৰূপত জন্ম লাভ কৰা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভাখন আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ নগৰৰ মাজমজিয়াস্থিত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পদ্মনাথ গোঁহাঞিবৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হৈছে। আছুৰ এই সভাক লৈ আজি পদ্মনাথ গোহাঞিক্ষেত্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ নেতা-কৰ্মীৰ লগতে ৰাইজৰ উপস্থিতিত লোকে লোকাৰণ্য হৈ পৰাৰ লগতে জিলাখনৰ চৌদিশে উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ অসমৰ জাতীয় জীৱনৰ বিভিন্ন বিষয়ৰ নিমোৰ্হ বিশ্লেষণ আৰু ভৱিষ্যৎ কৰ্মপন্থা নিৰূপণেই হৈছে এই সাধাৰণ সভাৰ মুখ্য উদ্দেশ্য। উল্লেখ্য যে, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰনাথ শৰ্মাৰ দৰে কেইগৰাকীমান জাতীয়তাবাদী আৰু স্বাভিমানী ব্যক্তিৰ প্ৰত্যক্ষ নেতৃত্বত গুৱাহাটীৰ ঐতিহাসিক লতাশিল খেলপথাৰত ১৯১৬ চনৰ ২৫ ডিচেম্বৰত জন্ম হৈছিল অসমৰ প্ৰথমটো ছাত্ৰ সংগঠন ‘অসম ছাত্ৰ সন্মিলন’৷ সময়ৰ আহ্বানত অসম ছাত্ৰ সন্মিলনে ৰূপ সলনি কৰে যদিও ৰাজ্যত ছাত্ৰ শক্তিৰ সংগ্ৰামৰ ধাৰা অব্যাহত আছে। যাৰ ফলশ্ৰুতিত ১৯৬৬ চনত সমগ্ৰ অসমক সামৰি যোৰহাটত ‘সদৌ অসম ছাত্ৰ সন্থা’ নামৰ এই অৰাজনৈতিক, ধৰ্ম নিৰপেক্ষ তথা জাতীয়তাবাদী চৰিত্ৰৰ সংগঠনটোৰ জন্ম হয়৷ লক্ষণীয় কথা যে, লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উত্তৰ লখিমপুৰ মহকুমা ছাত্ৰ সন্থা, উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু লখিমপুৰবাসী ৰাইজৰ সহযোগত আজি শুভাৰম্ভ হোৱা সাধাৰণ সভাৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত গছপুলি ৰোপন আঁচনিৰ শুভাৰম্ভ কৰে জিলা বন প্ৰাধিকাৰী অশোক দেৱচৌধুৰীয়ে। পুৱা ১০ বজাত ড° ভূপেন হাজৰিকা সোঁৱৰণী মূল তোৰণ লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গোলাপ শৰ্মা বৰুৱাই উদ্বোধন কৰে। পুৱা ১০-৩০ বজাত পানীন্দ্ৰ নাথ গগৈ সোঁৱৰণী মূল মঞ্চ আৰু হোমেন বৰগোহাঞি সোঁৱৰণী মণ্ডপ লখিমপুৰৰ অ পি ডি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰেশ দত্ত আৰু লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° লোহিত হাজৰিকাই উদ্বোধন কৰে। ইয়াৰ পিচত পুৱা ১১ বজাত লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুৰজিত ভূঞাই সাহিত্য প্ৰতিযোগিতা (তৰ্ক আৰু কবিতা আবৃত্তি) তথা গ্ৰন্থ আৰু বাণিজ্য মেলা উদ্বোধন কৰে। বাতৰি লিখা পৰলৈকে অধিৱেশনলৈ বুলি বিভিন্ন জিলাৰ পৰা আগমন ঘটা প্ৰতিনিধিসকলৰ নাম পঞ্জীয়ন অব্যাহত আছে। আনহাতে বিয়লিভাগত নন্দকিশোৰ মহেশ্বৰী সোঁৱৰণী অতিথিশালা আৰু পাঁচ হেজাৰ লোকে বহি আহাৰ গ্ৰহণ কৰিব পৰা লখিমী ভোজনালয়ৰ দ্বাৰ এল টি কে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুবুল শইকীয়া আৰু প্ৰাক্তন ছাত্ৰ নেতা তথা সাংস্কৃতিক কৰ্মী নবিউল হুছেইনে উদ্বোধন কৰে। সন্ধ্যা ৭ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ উপস্থিতিত জনফাৰ্থ উচ্চ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। কাইলৈ পুৱা ১০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে পতাকা উত্তোলন কৰাৰ লগতে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শ্বহীদ তৰ্পন কৰিব। আনহাতে ১১.৩০ বজাত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব। সেয়েহে আজিৰ দৰেই কাইলৈ আৰু পৰৱৰ্তী দিনৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ছাত্ৰ নেতা-কৰ্মী তথা লখিমপুৰবাসীৰ সহায়-সহযোগ অভ্যৰ্থনা সমিতিৰ সভাপতি ড° প্ৰবাল শইকীয়া, কাৰ্যকৰী সভাপতি ডাঃ নৰেন্দ্ৰ মহেশ্বৰী, ধনমণি দত্ত আৰু সম্পাদক পুলক বৰাই কামনা কৰিছে। (ফটো আছে)।