বৰপেটা,২২ নবেম্বৰঃ অসমত অতি শীঘ্ৰে আৰম্ভ হ’ব কৃষি পিয়ল ২০২১-২২। এইমৰ্মে ইতিমধ্যে প্ৰাথমিক কাম-কাজ আৰম্ভ কৰিছে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগে। প্ৰতি পাঁচ বছৰৰ পিছত কৃষি খণ্ডৰ বিভিন্ন দিশ সম্পর্কে কৃষি পিয়লৰ কাম আৰম্ভ কৰা হয় বুলি অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ যুটীয়া সঞ্চালক জগদীশ পাঠকে জানিবলৈ দিছে। আনহাতে ২০১৫-১৬ চনৰ পিছত এইবেলি কৃষি পিয়লৰ ডাঙৰ পাৰ্থক্যটো এয়ে যে বিগত সময়ত কাগজে কলমে জৰীপ চলোৱা হৈছিল যদিও এইবেলি প্ৰথমবাৰৰ বাবে মোবাইল এপৰ জৰিয়তে জৰীপ কাৰ্য চলোৱা হ’ব। উল্লেখ্য যে কৃষি পিয়ল ২০২১-২২ কৰাবলৈ আজি বৰপেটাত অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ, বৰপেটা কাৰ্যালয়ৰ উদ্যোগত এক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয়। বৰপেটাৰ কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰি বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত খনীন্দ্ৰ কুমাৰ দাসে কয় যে, মূলত ৰাজ্যৰ কৃষি খণ্ডৰ সমস্যা আৰু উন্নয়নৰ বাবে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে কৃষি পিয়ল কৰি কৃষক সকলৰ সমস্যা, পদ্ধতি আদি সন্দৰ্ভত অনুসন্ধান কৰা হয়। অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ বৰপেটা কাৰ্যালয়ৰ পৰিদৰ্শক কল্যাণী বৈশ্যই আঁত ধৰা প্ৰশিক্ষণ কৰ্মশালাখনত আৰম্ভণি ভাষণ প্ৰদান কৰে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ বৰপেটা কাৰ্যালয়ৰ পৰিসংখ্যা বিষয়া উত্তম বসাকে। প্ৰশিক্ষণ কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্রহণ কৰি বিভাগৰ উপ-পৰিদৰ্শক বিজন কুমাৰ শৰ্মাই কয় যে, ৰাজ্যখনৰ খেতি পথাৰৰ সমূহৰ প্ৰকাৰ, জলসিঞ্চন ব্যৱস্থা, কৃষক সকলে কি ধৰণৰ কৃষি কাৰ্য সম্পাদন কৰে তাৰ ওপৰত কৃষি পিয়ল কৰা হয় বুলি জানিবলৈ দিছে। তদুপৰি, ৰাজ্যৰ কৃষক সকলে খেতি পথাৰত কি ধৰণৰ সঁজুলি ব্যবহাৰ কৰি কি ধৰণৰ সাৰ প্ৰয়োগ কৰি কৃষি কাৰ্য সম্পাদন কৰে তাৰ ওপৰত জৰীপ চলোৱা হ’ব বুলি জানিবলৈ দিছে। মন কৰিবলগীয়া কথা, অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ জৰিয়তে সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো আৰম্ভ হব কৃষি পিয়ল ৷ দেশৰ কৃষি ক্ষেত্ৰৰ উন্নয়ন আৰু বিকাশৰ বাবে গ্ৰহণ কৰিবলগীয়া পৰিকল্পনাৰ উদ্দেশ্যে কৃষি পিয়লৰ কাম চৰকাৰে আৰম্ভ কৰিছে বুলি সদৰি কৰিছে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ বৰপেটা কাৰ্যালয়ৰ পৰিদৰ্শক কল্যাণী বৈশ্যই। এই উদ্দেশ্যৰে ৰাজ্যখনৰ প্ৰতি জিলাই জিলাই আৰম্ভ হৈছে প্ৰশিক্ষণ কৰ্মশালা। বৰপেটাতো কৃষি পিয়লত জৰিত হবলগীয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ কাননগো, লাট মণ্ডলৰ লগতে জৰীপ কাৰ্যত জৰিত বিষয়া কৰ্মচাৰীসকলক আজি প্ৰশিক্ষণ প্ৰদানৰ কৰা হয় বুলি কল্যাণী বৈশ্যই জানিবলৈ দিছে ৷ বৰপেটা জিলাৰ শতাধিক কাননগো আৰু লাট মণ্ডলে অংশগ্রহণ কৰা কৰ্মশালাত এই পিয়লৰ জৰিয়তে পৰৱৰ্তী কৃষি উন্নয়ন পৰিকল্পনা আঁচনি যুগুত কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ আজিৰ কৃষি বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাত পিয়লৰ কামত জৰিত বিষয়া কৰ্মচাৰীসকলৰ লগতে অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগৰ যুটীয়া সঞ্চালক আৰু আন কেবাজনো বিষয়া- কৰ্মচাৰীৰ লগতে বৰপেটা জিলা কৃষি বিষয়া মণিৰাম বৰ্মনেও অংশগ্ৰহণ কৰে ৷










