গুৱাহাটী,২২ নৱেম্বৰঃ চৌবিশ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো আৰক্ষীয়ে ব্যৱসায়ী ৰঞ্জিত বৰাৰ হত্যাকাৰীৰ কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই। মাথো ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িতৰ সন্দেহত দিছপুৰ আৰক্ষীয়ে আটক কৰিছে দুজনক। সোধা-পোচৰ বাবে নিশা আটক কৰিছে দুই যুৱকক। ঘটনা সংঘটিত হোৱা স্থানৰ পৰাই আটক কৰা হৈছে দুয়োজন যুৱকক। নিশাৰে পৰা সোধা-পোছা চলিছে আটকাধীন দুই যুৱকৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে বহু ক্লু লাভ কৰা হৈছে বুলি আৰক্ষীয়ে দাবী কৰিছে যদিও হত্যাকাৰীক এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ যে সোমবাৰে মহানগৰীৰ মাজমজিয়াৰ পাঞ্জাবাৰীত দিন দুপৰতে গুলীয়াই হত্যা কৰা হৈছিল পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক। বাইকত অহা দুৰ্বৃত্তই শূণ্য দূৰত্বৰ পৰা গাড়ীৰ ভিতৰতে গুলীয়াই থৈ গৈছিল ৰঞ্জিত বৰাক। দুজনীয়া দুৰ্বৃত্তই ৰঞ্জিত বৰাক গুলীয়াই তেওঁৰ হাতত থকা টকাৰ বেগটো লৈ অনায়াসে আঁতৰি গৈছিল। হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হৈছিল ৰঞ্জিত বৰাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সংশ্লিষ্ট এলেকাৰ চি চি টিভি ফুটেজ সংগ্ৰহ কৰাৰ লগতে বিভিন্ন তথ্য সংগ্ৰহ কৰিছে যদিও ২৪ ঘণ্টা অতিক্ৰম কৰাৰ পাছতো হত্যাকাৰীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই। সকলো সময়তে কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকা ৰাজধানী চহৰখনত এনেদৰে এজন লোকক দিন-দুপৰতে লোকচক্ষুৰ সন্মূখত হত্যা কৰা ঘটনাই গুৱাহাটীৰ নিৰাপত্তাৰ প্ৰকৃত স্বৰূপটোক উদঙাই দিছে।










