গুৱাহাটী,২৫ নৱেম্বৰঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন। চিকিৎসালয়খনৰ চাদৰ পৰা পৰি এজন ব্যক্তিৰ মৃত্যু হৈছে। মহেশ্বৰ ডেকা নামৰ এগৰাকী ৰোগীৰ সৈতে আছিল ব্যক্তিজন। চাদৰ পৰা ব্যক্তিজন পৰি যোৱা বুলি সন্দেহ কৰিছে হাস্পতাল কৰ্তৃপক্ষই। নিহত লোকজন গৰ্গ পাটোৱাৰী(৪৮) বুলি চিনাক্ত কৰা হৈছে। লোকজনৰ ঘৰ সৰ্থেবাৰীত। হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে আৰক্ষীৰ তদন্তত সকলো কথা পোহৰলৈ আহিব যদিও লোকজন চাদৰ ওপৰৰ পৰা পৰি মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। হাস্পতালৰ চি এন চেন্টাৰত চিকিৎসাধীন হৈ থকা মহেশ্বৰ ডেকাৰ অভিভাৱক হিচাপে আছিল গৰ্গ পাটোৱাৰী। উল্লেখ যে লোকজনক জি এম চি এইচৰ চেনট্ৰেল ফাৰ্মাচীৰ সন্মুখত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল। লগে লগে লোকজনজ চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যু হয়।










