চিৰাং, ২৮ নবেম্বৰঃ চিৰাঙৰ বিজনীৰ ঝাৰবিষপানীত দেওবাৰে বিয়লি আৰক্ষীৰ অভিযানত ৪৫০ লিটাৰ অবৈধ পেট্ৰ’লসহ ২ টাকৈ চোৰাং তেলৰ ব্যৱসায়ী গ্ৰেপ্তাৰ হয়। পাণবাৰী থানাৰ আৰক্ষীয়ে ঝাৰবিষপানীত AS-18D-5098 নম্বৰৰ এখন EON গাড়ীৰ পৰা চোৰাং পেট্ৰ’ল ভৰ্তি ৫ টাকৈ গেলেনসহ বিজনীৰ মাটিয়াপাৰ নিৱাসী সঞ্জয় দাস(২৮) আৰু বঙাইগাঁওৰ গেৰুকাবাৰী নিৱাসী লাল চান্দ মিঞা (২৬) নামৰ দুটাকৈ চোৰাং তেলৰ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। তাৰোপৰি উক্ত চোৰাং তেলৰ ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত পাণবাৰীৰ আৰক্ষীয়ে ৪ টাকৈ চোৰাং পেট্ৰ’ল ভৰ্তি ড্ৰামো জব্দ কৰে। পাছত পাণবাৰীৰ আৰক্ষীয়ে জব্দকৃত সামগ্ৰীসহ ধৃত চোৰাং তেলৰ ব্যৱসায়ী দুটাক পাণবাৰী থানালৈ লৈ আহে।