জামুগুৰিহাট, ২৮ নবেম্বৰঃ জামুগুৰিহাটৰ ধলাইবিলত আজি পুৱতি নিশা সংঘটিত হোৱা এক ভয়ংকৰ অগ্নিকাণ্ডত এখন প্ৰতিস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় বিশ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।ধলাইবিল ব্যৱসায়িক কেন্দ্ৰস্হলৰ মাজমজিয়াত থকা ‘প্ৰফুল্ল টেইলৰ্চত’ শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত থকা পাটৰ কাপোৰ,ইনভাৰেটৰ,এখন স্কুটি,কেইবাটাও কাপোৰ চিলোৱা মেচিনকে ধৰি বহু সামগ্ৰী জুইত সম্পূৰ্ণ ৰূপে জাহ যায়।স্থানীয় ৰাইজে পুৱতি নিশা এই এই ঘটনা প্ৰত্যক্ষ কৰি জামুগুৰি অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে।অৱশ্যে জামুগুৰি অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্হলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।