দৰং, ২৯ নবেম্বৰঃসম্প্ৰতি মাকৈ, সৰিয়হ , কবি , জলকীয়া আদি পাচলি খেতিৰ সময় । এই সময়ত ইউৰিয়া সাৰৰ নাটনিয়ে কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । বিশেষকৈ দৰঙৰ ছিপাঝাৰ সমষ্টিৰ পাথৰিঘাট , দিপীলা , আদি অঞ্চলৰ কৃষক সকলে ইউৰিয়া সাৰ বিচাৰি হাবাথুৰি খাব লগীয়া হৈছে ।অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত মৰ্মে পাইকাৰী বিক্ৰী বন্ধ কৰি অসম কৃষি সামগ্ৰী বিপনন পৰিষদৰ জৰিয়তে খুচুৰা বিক্ৰেতা সকলক বিক্ৰী স্থানত সাৰ যোগান ধৰাৰ সিদ্ধান্ত কৰিছিল । চৰকাৰী নিয়ম অনুসৰি ৩১ অক্টোবৰ তাৰিখলৈ পাইকাৰী বিক্ৰী বন্ধ কৰে অসম চৰকাৰে ।বৰ্তমান পৰিস্থিতিত খুচুৰা বিক্ৰেতা সকলে সাৰ যোগান নোপোৱাৰ বাবে কৃষকক যোগান ধৰিব পৰা নাই ইউৰিয়া সাৰ । যাৰ ফল স্বৰূপে জিলা খনৰ খুচুৰা বিক্ৰেতা সকলৰ ওচৰত ইউৰিয়া সাৰ বিচাৰি হাহাকাৰ কৰিছে বিভিন্ন অঞ্চলৰ কৃষক সকলে ।অসম চৰকাৰে শীঘ্ৰে অসম কৃষি সামগ্ৰী বিপনন পৰিষদৰ জৰিয়তে খুচুৰা সাৰ বিক্ৰেতা সকলক সাৰ যোগান ধৰি কৃষকৰ চাহিদা পূৰণ কৰিবলৈ দাবী জনাইছে খুচুৰা সাৰ বিক্ৰেতা সকলে ।
