শোণিতপুৰ,২৯নবেম্বৰঃডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা জঘন্য ৰেগিং কাণ্ডই জোকাৰিছে সমগ্ৰ শোণিতপুৰ জিলা।আজি ৰেগিং কাণ্ডৰ বিৰুদ্ধে তেজপুৰ আৰু দৰং মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰে।আজি দুয়োখন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে ৰেগিংৰ বিৰুদ্ধে মৌন ব্ৰত পালন কৰে।হাতে হাতে প্লে’ কাৰ্ড লৈ ছাত্ৰ ছাত্ৰী সকলে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানত ৰেগিং বন্ধ কৰাৰ দাবী জনাই আৰু ৰেগিংত জড়িতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শোণিতপুৰৰ চতিয়াৰ ছাত্ৰ উদীপ্ত বৈদ্যক শাৰীৰিক মানসিক ভাবে ৰেগিংৰ নামত অত্যাচাৰ কৰা সকলৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যবস্থা গ্ৰহনৰ দাবীও উত্থাপন কৰে বিক্ষুব্ধ ছাত্ৰ ছাত্ৰী সকলে।আনহাতে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত ৰেগিংৰ নামত শাৰীৰিক মানসিক অত্যাচাৰৰ সন্মুখীন হৈ নিজৰ ঘৰলৈ ঘূৰি অহা চতিয়াৰ খাটোৱালৰ উদীপ্ত বৈদ্য নামৰ ছাত্ৰ জনে ৰেগিংৰ সমগ্ৰ জঘন্য ঘটণা প্ৰকাশ কৰে।সংবাদ মাধ্যমৰ আগত মেধাবী ছাত্ৰ উদীপ্ত বৈদ্যই প্ৰকাশ কৰা মতে ২৮ চেপ্তেম্বৰত তেও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসলৈ যায়।পৰৱৰ্তী সময়ত জ্যেষ্ঠ ছাত্ৰ সকলে উদীপ্তক শাৰীৰিক মানসিকভাবে অত্যাচাৰ কৰে।নিশা উজাগৰে থাকিব লাগে উদীপ্ত।বহিবও নোৱাৰে।থিয় হৈয়েই নিশা থাকিব লগীয়া হয়।নিশা মদ্য পান কৰা আৰু ভাং খোৱা ছাত্ৰ সকলে উদীপ্তক পানী আদি যোগান ধৰিব কয়।আনকি মদ্য পান কৰিবলৈকো উদীপ্তক হেছাঁ প্ৰয়োগ কৰা হয়।মদ্য পান নকৰিলে আৰম্ভ হয় শাৰীৰিক অত্যাচাৰ।ইয়াৰোপৰি উদীপ্তক নাঙঠ কৰাৰো চেষ্টা কৰা হৈছিল।কেইবানিশাও উদীপ্তৰ কাপোৰ কানি খোলাৰ চেষ্টা কৰা হৈছিল।উলেখ্য যে ভবিষ্যৎৰ বহুত সপোন ৰছি ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ যোৱা চতিয়াৰ ছাত্ৰ উদীপ্ত বৈদ্য অৱশেষত ৰেগিংৰ বাবে ঘৰলৈ উভতি আহিব লগীয়া হয়।ডিব্ৰুগড়ৰ পৰা চিলাপথাৰলৈ গৈ নিশা ৰে’লত পলাই অহাৰ লেখিয়াকৈ আহিব লগীয়া হৈছিল উদীপ্ত বৈদ্য।সম্প্ৰতি উদীপ্ত আৰু পৰিয়ালৰ লোকে ৰেগিং কাণ্ডত জড়িত সকলোকে কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে।।