জুৰীয়া, ৩০ অক্টোবৰঃজুৰীয়াৰ উদমাৰি বালুগুটিয়া জামে মছজিদ সমিতিয়ে ড্ৰাগচৰ প্ৰচলন ৰোধ কৰাৰ বাবে ড্ৰাগচ আসক্ত ব্যাক্তিৰ মৃত্যু হ’লে ৰাইজে মৃতকৰ অন্তিম সৎকাৰত অংশ নোলোৱাৰ যি এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাক একমুখে আদৰণি জনাইছে সমাজৰ লোকসকলে।উল্লেখযোগ্য যে জুৰীয়াৰ বালুগুটিয়া, উদমাৰী, মাহগুৰি, শিঙাৰী আদি অঞ্চলত কিছুদিনৰ পৰা নিষিদ্ধ ড্ৰাগচৰ অবাধ প্ৰচলন চলি‌ আছিল। স্থানীয় ৰাইজে বহু ড্ৰাগচ আসক্তক ধৰি আৰক্ষীক গতাই দিছিল যদিও এই অঞ্চলসমূহত ড্ৰাগচৰ প্ৰচলন বন্ধ কৰিব পৰা‌ নাছিল। সেয়ে বালুগুটিয়া জামে মছজিদ সমিতিয়ে গ্ৰহন কৰা এই সিদ্ধান্তই নিশ্চিতভাৱে এক সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।