অভয়াপুৰী, ৩০ নৱেম্বৰ:আজিৰে পৰা উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত ৬ খন মহাবিদ্যালয়ত নতুন ভোটাৰ পঞ্জীয়নৰ চাৰিদিনীয়া বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। অভয়াপুৰী মহাবিদ্যায়ৰ, মাণিকপুৰ মহাবিদ্যালয়, পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, তুলুঙীয়া, মহাত্মা গান্ধী মহাবিদ্যালয়, ইন্দিৰা গান্ধী মহাবিদ্যালয় আৰু ৰাজীৱ গান্ধী মহাবিদ্যালয়ত নতুন ভোটাৰ সকলৰ পঞ্জীয়নৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উক্ত শিক্ষানুষ্ঠান সমূহত নতুন ভোটাৰ সকলে নিজৰ ফটো আৰু ঠিকনাৰ প্ৰমাণপত্ৰ লৈ গৈ ফৰ্ম ৬য় ৰ জৰিয়তে উক্ত স্থানতে নিজৰ নামসমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰিব পাৰিব। উত্তৰ শালমাৰা জিলা নিৰ্বাচনী বিষয়া চিমী কৰনে সকলো নতুন ভোটাৰক এই বিশেষ শিবিৰৰ জৰিয়তে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্তিৰ বাবে আহ্বান জনায়। ভোটাৰ তালিকাত নতুন ভোটাৰসকলে নাম অন্তৰ্ভুক্তিৰ বাবে ভাৰতৰ নিৰ্বাচনী আয়োগে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।