বিলাসীপাৰা, ০১ ডিচেম্বৰ: গৌৰাং নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাউণ্ডাৰী পিটিংৰ কাম শুভ উদ্বোধন কৰা হয়। বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ কাঠালদি তৃতীয় খণ্ড গাঁৱৰ কাঠালদি বজাৰঘাটত বাউণ্ডাৰী পিটিংৰ কামৰ শুভ উদ্বোধন কৰে ২৭ নং পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামছুল হুদাই। উল্লেখ্য যে গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পুজিৰ অধীনত ৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া বল্ডাৰ গাথনিৰ কামৰ আধাৰশিলা স্থাপন কৰাত স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ছামছুল হুদাক। কাঠালদি বজাৰঘাটত ইতিমধ্যে গৌৰাং নৈৰ অস্বাভাবিক গৰাখহনীয়াত জাহ গৈছে বহু ঘৰ-বাড়িৰ সৈতে চৰকাৰী বিদ্যালয়। কাঠালদি তৃতীয় খণ্ড গাঁৱৰ গৌৰাং নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বল্ডাৰ পিচিঙৰ কামৰ শুভ উদ্বোধন কৰি বিধায়ক ছামছুল হুদাই অংশ গ্ৰহণ কৰে বিলাসীপাৰাৰ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত। উক্ত গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত বিদ্যালয়খনৰ জেষ্ঠ শিক্ষক আলহাজ গুলজাৰ হুছেইনক অৱসৰমূলক বিদায় আগবঢ়ায় বিধায়ক ছামছুল হুদাই। অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে উপস্থিত থাকে বহু বিশিষ্ট ব্যক্তি সকল।