নিউজ ডেক্সঃমোডী-শ্বাহৰ গৃহ ৰাজ্য গুজৰাটত আজি প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে । ১৮২ খন আসনৰ ভিতৰত কচ্ছ, সৌৰাষ্ট্ৰ আৰু দক্ষিণ গুজৰাট জিলাৰ ৮৯ খন আসনৰ বাবে ৭৮৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। যি সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকিব।নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত, পুৱা ১১ বজালৈকে 18.95% ভোট দান কৰা হৈছিল। পূৰ্বে , পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ আছিল ৪.২% আছিল । যদিও ৰাতিপুৱা ভোটাৰৰ সংখ্যা কম আছিল, দিনটো আগুৱাই যোৱাৰ লগে লগে ভোটাৰসকলে বুথৰ বাহিৰত শাৰী পাতিবলৈ আৰম্ভ কৰে। প্ৰায় প্ৰতিটো বুথৰ বাহিৰত দীঘলীয়া শাৰী পৰিলক্ষিত হয়। কেইবাজনো বিজেপি নেতা আৰু মন্ত্ৰীয়ো ভোটদান কৰিবলৈ তেওঁলোকৰ নিজ নিজ বুথলৈ গৈছে তাৰ মাজতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় যে “মই নিশ্চিত যে বিজেপিয়ে সপ্তমবাৰৰ বাবে গুজৰাটত চৰকাৰ গঠন কৰিবলৈ গৈ আছে। “আজি প্ৰথম পৰ্যায়ৰ ভোটদানৰ মাজতো ৰাজনৈতিক নেতাসকলে নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰচাৰ অব্যাহত ৰাখিছে।










