গুৱাহাটী,৩ ডিচেম্বৰঃ অৱশেষত নুৰুল হকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিলে নিজে সাজি উলিওৱা বিলাসী লেম্বৰগিনি বাহন। ১০ লাখ টকা খৰচ কৰি নুৰুল হকে মুখ্যমন্ত্রীক উপহাৰ দিয়াৰ বাবে নিজে সাজি উলিয়াইছিল লেম্বৰগিনি বাহনখন। অৱশেষত আজি তেওঁৰ সপোন পূৰণ হ’ল। আজি সন্ধিয়া দিছপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি নুৰুল হকে বাহনখন আনুষ্ঠানিকভাৱে প্ৰদান কৰে। উল্লেখ যে কৰিমগঞ্জৰ আনিপুৰৰ নুৰুল হকে ১০ লাখ টকা ব্যয় সাপেক্ষে বাহনখন নিজে নিৰ্মাণ কৰি উলিয়াইছিল আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে দিয়াৰ আশা পুহি ৰাখিছিল। শিলচৰত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ সময়ত নুৰুল হকে বাহনখন মুখ্যমন্ত্রীক দেখুৱাই উপহাৰ দিয়াৰ কথা সদৰি কৰিছিল। সেই মৰ্মে অসম আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে নুৰুল হকে বাহনখন কৰিমগঞ্জৰ পৰা গুৱাহাটী আনে আৰু আজি সন্ধিয়া মুখ্যমন্ত্রীক উপহাৰ হিচাপে আগবঢ়ায়। বাহনখন গ্ৰহণ কৰি মুখ্যমন্ত্রীয়ে কয় যে লেম্বৰগিনি সদৃশ গাড়ী এখন পোৱাটো সঁচাকৈয়ে আনন্দদায়ক। কৰিমগঞ্জৰ পৰা গুৱাহাটীলৈ নিজে সাজি উলিওৱা গাড়ীখন চলাই অনা নুৰুল হকৰ উৎসাহক সন্মান জনোৱাৰ জনোৱাৰ উদ্দেশে তেওঁ বাহনখন গ্ৰহণ কৰিছে। নুৰুল হকৰ উদ্ভাৱনী শক্তিৰ পৰিচায়ক বিশেষ-ব্যতিক্ৰমী গাড়ীখন সযতনে ৰখাৰ কথাও মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।