গুৱাহাটী,৪ ডিচেম্বৰঃ অসমৰ বাবে ভাল খবৰ। অহা বছৰ অনুষ্ঠিত হ’বলগীয়া জি-২০ সন্মিলনৰ চাৰিখন বৈঠক অসমত অনুষ্ঠিত হ’ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰে অসমত চাৰিখন জি-২০ বৈঠক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে। আনহাতে অসমত চাৰিখন বৈঠক অনুষ্ঠিত হোৱাৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহৰ প্ৰতিখনতে এখনকৈ বৈঠক অনুষ্ঠিত হ’ব। ভাৰতে আনুষ্ঠানিকভাৱে জি-২০ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছতেই কেন্দ্ৰীয় সাংস্কৃতিক, পৰ্যটন আৰু উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন দপ্তৰৰ (ড’নাৰ) মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে উত্তৰ-পূৰ্বাঞ্চলত জি-২০ৰ বৈঠক আয়োজন কৰাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। ড’নাৰ, পৰ্যটন, সাংস্কৃতিক মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে হোৱা বৈঠকত কিদৰে বৈঠকসমূহ সফলতাৰে ৰূপায়ণ কৰা হ’ব সেই সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ যে জি-২০ সন্মিলনৰ বাবে প্ৰস্তাৱিত ২০ স্থানৰ ভিতৰত ৮টাই হৈছে উত্তৰ-পূবৰ। এই বৈঠকৰ যোগেদি উত্তৰ-পূৰ্বাঞ্চলৰ কলা-সংস্কৃতি তথা প্রাকৃতিক সম্পদাজিক বিশ্ববাসীৰ সন্মুখত প্ৰদৰ্শন কৰিবলৈ অসমে সুবিধা লাভ কৰিব। ইতিমধ্যে জি-২০ শীর্ষ সন্মিলনৰ মুখ্য সমন্বয়ক কূটনীতিবিদ হিচাপে পৰিচিত হর্ষবর্ধন ছিংলাৰ নেতৃত্বাধীন কেন্দ্ৰৰ এটা গোটে একাধিকবাৰ অসম ভ্রমণ কৰিছে। জি-২০ৰ অন্তৰ্গত দেশসমূহৰ ৰাষ্ট্ৰপ্ৰধানৰ মূল সন্মিলনখন অনুষ্ঠিত হ’ব যদিও দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত দুই শতাধিক কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এনে পৰিস্থিতিত বিশ্বৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত অসমৰ
অংশীদাৰিত্ব যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে।