লখিমপুৰ, , ৫ ডিচেম্বৰ ঃ লখিমপুৰত ভূমি পঞ্জীয়নৰ নামত বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ অভিযোগত এইবাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ উচ্ছ বৰ্গৰ সহায়ক নন্দন বৰা৷ তেওঁৰ লগতে আৰক্ষীয়ে দেৱকৃষ্ণ দত্ত নামৰ মাটিৰ দালাল এজনকো গ্ৰেপ্তাৰ কৰে৷ উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ এজাহাৰৰ মৰ্মে যোৱা নিশা আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা লীলাবাৰীৰ নন্দন বৰা আৰু লখিমপুৰ চিডি ৰেডৰ দেৱকৃষ্ণ দত্তক গ্ৰেপ্তাৰ কৰে৷ নন্দন বৰাই বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত দেৱকৃষ্ণ দত্ত নামৰ এজন লোকৰ ভূমি পঞ্জীয়ন কৰি দিছিল৷ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ৬৩৭/২২ / us ১২০B/৪২০/৪৬৮/৪৭১/৪০৯ IPC নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰিছে৷ উল্লেখ যে ২০২২ চনৰ ২৫ নৱেম্বৰত ভূমি পঞ্জীয়নৰ বিষয়টো চক্ৰ বিষয়াৰ দৃষ্টিগোচৰ হোৱাত উক্ত গোচৰটো বাতিল প্ৰক্ৰিয়া আৰম্ভ হয়৷ চক্ৰ বিষয়াৰ অভিযোগ মতে উক্ত পঞ্জীয়নভূক্ত গোচৰটোত স্বাক্ষৰ কৰিছিল নন্দন বৰাই নিজেই৷ এই সন্দৰ্ভত চক্ৰ বিষয়াই নন্দন বৰাৰ পৰা শুনানিৰ আহ৩ান জনোৱাত নন্দন বৰাই বিষয়টোৰ পৰা আঁতৰি থাকে৷ ফলশ্ৰুতিত চক্ৰ বিষয়াই বিষয়টো উত্তৰ লখিমপুৰ সদৰ থানাক অৱগত কৰাত যোৱা নিশা আৰক্ষীয়ে নন্দন বৰা আৰু দেৱকৃষ্ণ দত্তক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ লগে লগে মিচন বসুন্ধৰাৰ গইনা লৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত মাটিৰ নামজাৰি, মাটিৰ পট্টন আদিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হৈ থকাৰ কথা পোহৰলৈ আহিছে৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ অনুগ্ৰহ নহলে পৈত্তিক ভূমিৰ অধিকাৰো পৰিয়ালৰ নামত নাথাকিব পাৰে সেইয়া এতিয়া এক সহজলভ্য ঘটনা৷ চৰকাৰে শূন্য সহনশীলতাৰ কথা কলেও এতিয়াও যে একাংশ দালালে নীৰৱে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালাল ৰাজ চলাই আছে সেইয়া শেহতীয়া এই ঘটনাৱলীয়ে প্ৰমাণ কৰিলে৷ আজি এই কথা প্ৰমাণিত হয় ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টোত৷ উক্ত কাৰ্যালয়টোত এগৰাকী বৃদ্ধা মহিলাই মাটি নামজাৰি সন্দৰ্ভত তোলা অভিযোগে এনে কথা স্পষ্ট কৰি তোলে৷ ইফালে আজি ৰাজহ চক্ৰ কাৰ্যালয়টোত চাবতি শান্তিপুৰ মিচিং গাঁৱৰ নিতেন টাইদ নামৰ লোকজনে চক্ৰ বিষয়া কাৰ্যালয়টোৰ বিৰুদ্ধে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ তেওঁ অভিযোগ কৰে যে উত্তৰ লখিমপুৰ ৰাজহ চক্ৰৰ চেৰাপভাটি মেপৰ একচনা পট্টাত মূলাৰাম টাইদৰ উত্তৰাধিকাৰী সূত্ৰে প্ৰায় ৬ মাহ পূৰ্বলৈকে চিথা বহীত জিতেন টাইদ, নিতেন টাইদ আৰু অতুল টাইদৰ নাম সন্নিবিষ্ট আছিল যদিও বিভাগীয় লাট মণ্ডল ৰাতুল দলেৰ দিনত চিথা বহীৰ পৰা জিতেন টাইদ আৰু অতুল টাইদৰ নাম কৰ্তন কৰি সেই স্থানত হৰেণ টাইদ আৰু বিজিত টাইদৰ নাম লিপিবদ্ধ কৰা হয়৷ হৰেণ আৰু বিজিতৰ লগত মূলাৰাম টাইদৰ কোনো সম্পৰ্ক নাই যদিও এই ব্যক্তিদ্বয়ৰ নাম মূলাৰাম টাইদৰ উত্তৰাধিকাৰী সূত্ৰে ৰাজহ চক্ৰটোৰ চিথাবহীত কেনেদৰে তেওঁলোকৰ নাম সন্নিবিষ্ট হ’ল তাক লৈ আজি ৰাজহ চক্ৰ কাৰ্যালয়টোত নিতেন টাইদৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গ উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷