গুৱাহাটী,৭ ডিচেম্বৰঃ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগ আৰু কেচিঅ’ ইণ্ডিয়াৰ উদ্যোগত আৰু গ্ৰাম্য উন্নয়ন কেন্দ্ৰ আৰু গ্লোৱেল হাণ্ট ফাউণ্ডেচনৰ সহযোগত ‘জ্ঞান কি ৰোচনি’ কাৰ্য্যসূচীৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখুওৱা ৰাজ্যখনৰ ১৯৬ খন বিদ্যালয়ক চাইণ্টিফিক কেচিঅ’ কেলকুলেটৰ প্ৰদান কৰা হয়। উল্লেখ যে যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি সমূহ বিদ্যালয়ৰ পৰা ৯০ শতাংশতকৈ অধিক ছাত্ৰ-ছাত্ৰী উৰ্ত্তীৰ্ণ হৈছে সেই সমুহ বিদ্যালয়ক এই কাৰ্য্যসূচীৰ দ্বাৰা সামৰি লোৱা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশ গ্ৰহণ কৰি ভাষণত ৰাজ্যখনৰ বিদ্যালয় সমূহত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ বাবে কেচিঅ’ ইণ্ডিয়াই গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিৰ সময়। এই সময়ত ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞান প্ৰযুক্তিৰ বিষয়ে অৱগত কৰোৱাৰ বাবে শিক্ষক সকলে আধুনিক প্ৰযুক্তিৰ বিষয়ে অধ্যয়ন কৰিব লাগিব। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে আহি থকা দিন সমূহত ৰাজ্যখনত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কম্পিউটাৰৰ অৰ্হতা থকাটো বাধ্যতামুলক কৰিব। কাৰণ শিক্ষক সকলে তথ্য প্ৰযুক্তিৰ বিষয়ে আয়ত্ত কৰিলেহে ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকৰ পৰা এই বিষয়ে জ্ঞান আহৰণ কৰিব পাৰিব। উল্লেখযোগ্য যে প্ৰতিখন বিদ্যালয়ক ২০টা কৈ এই চাইণ্টিফিক কেচিঅ’ কেলকুলেটৰ প্ৰদান কৰা হৈছে। আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ উপদেষ্টা ড০ ননী গোপাল মহন্ত, সমগ্ৰ শিক্ষাৰ মিচন সঞ্চালক ড০ ওম প্ৰকাশ, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালিকা মমতা হোজাই লগতে কেচিঅ’ ইণ্ডিয়াৰ বিষয়ববীয়া সকলৰ উপৰিও বিভিন্ন বিদ্যালয়ৰ শিক্ষক সকল উপস্থিত থাকে।