গুৱাহাটী,৭ ডিচেম্বৰঃ আজি গুৱাহাটীত অসম সমবায় এপেক্স বেংক লিমিটেডৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। এই উপলক্ষ্যে আয়োজন কৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ১০০গৰাকী নতুন নিযুক্তিপ্ৰাপ্তক নিযুক্তি পত্ৰ বিতৰণৰ লগতে বেংকৰ দুখন ভ্ৰাম্যমান এ টি এম ভান মুকলি কৰে। অনুষ্ঠানত বিষয়াসকলক বেংক সম্পৰ্কীয় উন্নত ধাৰণা বিকশিত কৰিবলৈ আৰু গ্ৰাহকসকলক উন্নত সেৱা আগবঢ়োৱাৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়। লগতে নিষ্ঠাৱান গ্ৰাহকৰ ডাটাবেচ বিকশিত কৰিবলৈ আৰু অহা কেইবছৰমানৰ ভিতৰত ৰাষ্ট্ৰীয়কৃত বেংকৰ মৰ্যাদা প্ৰাপ্ত কৰাৰ বাবে এক মিছন মোডত কাম কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, যোগেন মহন, জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা, বেংকটোৰ অধ্যক্ষ তথা বিধায়ক বিশ্বজিৎ ফুকন, উপাধ্যক্ষ গৌতম বৰা আৰু বেংকৰ অন্যান্য বিষয়াসকল উপস্থিত আছিল।