১৭ ডিচেম্বৰ,গুৱাহাটী: ডিজিটেল নিউজ পৰ্টেল দেইলি টাইম অসমে ১৬ ডিচেম্বৰত দ্বিতীয় বৰ্ষ সম্পূৰ্ণ কৰে। এই উপলক্ষে শুকুৰবাৰে শংকৰদেৱ কলাক্ষেত্ৰত দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উলহ মালহেৰে উদযাপন কৰা হয়। দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি নিউজ পৰ্টেলতিৰ তৰফৰ পৰা অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বাচক বনিয়া প্ৰভাৱশালি বিশিষ্ট ব্যক্তিক বিশেষ সন্মান তথা সম্বৰ্ধনা জনোৱা হয়। অসমীয়া চলচ্চিত্ৰ জগতৰ জ্যেষ্ঠ তথা যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱা, অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিন, আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অসমৰ চিন্তাবিদ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, আন্তৰ্জাতিক খেলুৱৈ অসমৰ স্বৰ্নকন্যা খ্যাত নয়নমণি শইকীয়া, প্ৰখ্যাত জ্যেষ্ঠ সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, এপিএচিৰ প্রাক্তন অধ্যক্ষ অমিয় বৰা আদিকে ধৰি কেইবগৰাকীও বিশিষ্ট ব্যক্তিক ফুলৰ থোপা,পাতৰ ফুলাম গামোচা,জাপি, স্মাৰক, সন্মান পত্ৰ আদিৰে বিশেষ সন্মান তথা সম্বৰ্ধনা জনাই পৰ্টেলটিৰ মূখ্য পৰিচালন সঞ্চালিকা আৰু পৰ্টেলটিৰ সাংবাদিক সুনীল পেগুৱে। উক্ত অনুষ্ঠানত সাংবাদিক প্ৰশান্ত ৰাজগুৰু, বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া, এপিএচিৰ প্ৰাক্তন অধ্যক্ষ অমিয় বৰা অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিন আদিয়ে তত্ত্বগধুৰ ভাষণ আগবঢ়ায়। প্ৰশান্ত ৰাজগুৰু আৰু ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে বৃহৎ বৃহৎ সংবাদ মাধ্যম তথা টেলিভিছন চেনেলৰ তুলনাত নিউজ পৰ্টেলে জনতাৰ পক্ষত থাকি চৰকাৰৰ কুকর্মক উদঙাই দেখুৱাইছে। আনহাতে একাংশ নৱপ্ৰজন্মৰ সংবাদ কৰ্মীৰ অধ্যয়নৰ অভাৱ বুলিও উল্লেখ কৰাৰ লগতে বিশিষ্ট সমাজকৰ্মী তথা চিন্তাবিদ ডঃ দিব্যজ্যোতি শইকীয়াই সংবাদ মাধ্যমক ন্যায়পালিকৰ বিচাৰকৰ দৰে ভূমিকা পালনৰ পৰা বিৰত থাকি সংবাদ সেৱাত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।উক্ত অনুষ্ঠানটিতে ৰিদিপ কলিতা, আৰ্চ্ছাদ ৰহমান বৰা, আদিকে ধৰি বহু কেইজন সাংবাদিককও সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ সমৰণিত কৃষ্ণমণি চুতীয়া, আচুৰ্য বৰপাত্ৰ গোঁহাই আদিয়ে সংগীত পৰিবেশন কৰে।