নিউজ ডেক্স,১৭ ডিচেম্বৰঃ মালয়েছিয়াত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই কৰুণ ঘটনাটোৰ ফলত ২১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি অবৈধভাৱে স্থাপন কৰা এটা শিবিৰত বহুসংখ্যক লোক শুই থকা সময়তে ভূমিস্খলনৰ ঘটনাটো সংঘটিত হয়। মৃতসকলৰ ভিতৰত শিশুও আছে। ভূমিস্খলনৰ ফলত শিবিৰটোত আবদ্ধ হৈ পৰিছিল বহু লোক। লগে লগে সাহায্য আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলত উপস্থিত হৈ বহু লোকক নিৰাপদে উদ্ধাৰ কৰে। শিবিৰটোত এতিয়াও বহু লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। প্ৰতিবেদন অনুসৰি এতিয়ালৈকে প্ৰায় ৫৩ জন লোকক উদ্ধাৰ কৰা হৈছে। অগ্নি নিৰ্বাপক আৰু উদ্ধাৰকাৰী দলৰ তথ্য অনুসৰি দুৰ্ঘটনাটো ৰাজধানী কুয়ালালামপুৰৰ উপকণ্ঠৰ চেলাংগৰত ঘটনাটো সংঘটিত হৈছিল। ঘটনাটো শুকুৰবাৰে পুৱা প্ৰায় ৩ বজাত এটা ফাৰ্মহাউচৰ ওচৰত সংঘটিত হৈছিল, য’ত মানুহে অবৈধভাৱে এটা শিবিৰ স্থাপন কৰিছিল।
