গুৱাহাটী,১৮ ডিচেম্বৰঃ মেঘালয়ৰ শ্বিলঙত এদিনীয়া কাৰ্যসূচীৰে দেওবাৰে পুৱা উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ উত্তৰ-পূৱ পৰিষদৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ লগতে শ্বিলঙত অনুষ্ঠিত হোৱা বৈঠকত দেওবাৰে পুৱা অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনতাক সম্বোধন কৰে। উত্তৰ-পূৱ পৰিষদৰ সোণালী জয়ন্তীৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৱৰ বাবে ৬,৮০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই ৬,৮০০ কোটি টকাৰ প্ৰকল্পসমূহে গৃহ নিৰ্মাণ, পথ, কৃষি, টেলিকম, আই টি, পৰ্যটন আৰু আতিথ্যকে ধৰি বহুতো খণ্ড সামৰি লৈছে। উত্তৰ-পূৱ পৰিষদৰ সোণালী জয়ন্তী উদযাপনত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত পৰিষদৰ ৫০ বছৰীয়া যাত্ৰাৰ এখন ছুটি ছবি প্ৰদৰ্শন কৰা হয় । এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৫০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত উত্তৰ-পূৱ পৰিষদৰ অৱদানৰ কথা প্ৰশংসা কৰি স্মৃতিগ্ৰন্থ ‘‘সোণালী ভৰিৰ ছাপ’’ মুকলি কৰে। উত্তৰ-পূৱ পৰিষদৰ সোণালী জয়ন্তী উদযাপনত অংশগ্ৰহণ কৰাৰ লগতে শ্বিলঙত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মাজত দশকজুৰি চলি থকা সীমা বিবাদৰ সমাধান হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বিলঙৰ সভাত ভাগ লৈ কয় যে যোৱা ৮ বছৰত কেইবাটাও উগ্ৰপন্থী সংগঠনে হিংসাৰ পথ এৰি শান্তিৰ পথ অনুসৰণ কৰিছে। ৰাজ্য চৰকাৰসমূহৰ সমন্বয়ত উত্তৰ-পূৰ্বাঞ্চলত ধাৰাবাহিকভাৱে পৰিস্থিতিৰ উন্নয়ন ঘটিছে। প্ৰধানমন্ত্ৰীৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত আছিল।










