গুৱাহাটী,২০ ডিচেম্বৰঃ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জনতা ভৱনৰ আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যৰ পুৰোহিত আৰু নামঘৰীয়ালৈ এককালীন অনুদান আগবঢ়োৱা হয়। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আগবঢ়াই এই অনুদান। উল্লেখ যে ক’ভিডৰ প্ৰাদুৰ্ভাৱৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পুৰোহিত আৰু নামঘৰীয়াসকলক আৰ্থিক সকাহ দিয়াৰ বাবে অসম চৰকাৰে বিশেষ অনুদান প্ৰদানৰ এই ব্যৱস্থা গ্ৰহণ কৰিছে। নামঘৰীয়াৰ বাবে মুঠ আবেদনকাৰীৰ সংখ্যা ৯,৯৮৭গৰাকীৰ পৰা ৬,১২৪গৰাকীক বাছনি কৰা হয়। আনহাতে পুৰোহিতৰ মুঠ আবেদনকাৰী ৫,৯৩৩ গৰাকীৰ ভিতৰত ২,৪৩৮ গৰাকীক বাছনি কৰা হয়। অনুষ্ঠানত মন্ত্রী ৰণজিৎ কুমাৰ দাস, বিমল বড়া, যোগেন মহন, বিধায়ক ড° পৰমানন্দ ৰাজবংশী, বিদ্যাছিং ইংলেঙকে ধৰি কেইবাগৰাকী বিধায়ক আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।










