গুৱাহাটী,২১ ডিচেম্বৰঃ দেশৰ লগতে অসমতো বৰ্ত্তমান ক’ৰণাৰ কোনো প্ৰভাৱ নাই যদিও চীন আৰু আমেৰিকাৰ শেহতীয়া পৰিস্থিতিয়ে ৰাইজৰ মাজত কিছু হলেও শংকাৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে যদিও বৰ্ত্তমানলৈ কোনো ধৰণৰ এছ অ’ পি দিয়া নাই। এই কথা জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ কৰ্তৃপক্ষই। কৰ্তৃপক্ষই জনোৱা মতে এতিয়ালৈকে কোনো ধৰণৰ নিৰ্দেশনা অহা নাই। হয়টো দুই-এদিনতে এই সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখ যে চীন আৰু আমেৰিকাত ক’ৰণা ভাইৰাছে পুনৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ভয়াৱহতাকলৈ শংকিত হৈ পৰিছে ভাৰত চৰকাৰ। চীনত লাখ লাখ লোক ক’ৰণাৰ কৱলত পৰাৰ সময়তে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সচিব ৰাজেশ ভূষণে ইতিমধ্যে ৰাজ্য চৰকাৰসমূহলৈ বিশেষ পত্র প্ৰেৰণ কৰিছে। পত্ৰৰ জৰিয়তে প্ৰতিখন ৰাজ্যকে জিনম চিকুৱেঞ্চিঙৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ কোৱা হৈছে। ক’ভিডৰ নতুন লক্ষণ দেখা লোকক তৎকালে পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে। বৰ্তমান সময়ত ভাৰতত ক’ভিডৰ প্ৰভাৱ নাই যদিও বিশ্বৰ কেইবাখনো দেশত ইয়াৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে কোনো ত্ৰুটি এৰিব বিচৰা নাই। পত্ৰ যোগে সচিবগৰাকীয়ে উল্লেখ কৰিছে যে যদি সময় থাকোতেই নতুন ভেৰিয়েণ্টক চিনাক্ত কৰিবলগীয়া হয় তেন্তে জিনম চিকুৱেঞ্চিং প্ৰয়োজনীয়। জিনম চিকুৱেঞ্চিৰ নমুনা প্ৰেৰণ কৰিবলৈ ৰাজ্য সমূহকো নিৰ্দেশনা প্ৰদান কৰা হৈছে। ক’ৰণাৰ বাবে ৰাজ্য চৰকাৰ সমূহক সতৰ্ক হৈ থাকিবলৈ কোৱাৰ লগতে বিশেষ ভয়-ভাবুকি তথা চিন্তা নকৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে চীনত বৰ্তমান কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে। লাখ-লাখ লোক ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে হাস্পতালত বিছনা আৰু ঔষধৰ নাটনি হৈছে। চীনৰ এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰ বিশেষভাৱে তৎপৰ হৈ পৰিছে। ইফালে আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্রী ডঃ মনসুখ মান্দাভিয়াই ক’ভিডৰ এই পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। ভাৰতত ক’ভিডৰ বৰ্ত্তমান কোনো প্ৰভাৱ নাই যদিও কেন্দ্ৰীয় মন্ত্রীগৰাকীয়ে সংশ্লিষ্ট সকলো পক্ষকে সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাই জনগণক ক’ভিন ভেকচিন লোৱাৰ ক্ষেত্রত অনুৰোধ জনায়।
উল্লেখ যে ২০২০ আৰু ২০২১ বৰ্ষটো দেশৰ লগতে অসমেও ক’ৰণাৰ ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হৈছিল। সেই দুবছৰীয়া অত্যন্ত ভয়াৱহ পৰিস্থিতি আজিও সকলোৰে মন-মগজুত সজীৱ হৈ আছে। যাৰ বাবে ক’ৰণাৰ কথা পুনৰ আহিলে সকলোৱে স্বাভাৱিকতে আতংকিত হৈ পৰে। চৰকাৰী তথ্য মতে আজিৰ তাৰিখত অসমত এজনো ক’ভিড ৰোগী নাই। অৱশ্যে ক’ভিড টেষ্ট এতিয়াও অব্যাহত আছে। বিগত ২৪ ঘণ্টাত ১১২ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল আৰু প্ৰত্যেকজনৰে ফলাফল নিগেটিভ হয়। ইফালে এতিয়ালৈকে ৰাজ্যৰ ২,৪৮,১০,৬৪৬ গৰাকী লোকে ক’ভিডৰ প্ৰথম পালি, ২,২১,২৭,৭৪০ গৰাকী লোকে দ্বিতীয় পালি আৰু ৩৩,৪১,২৩৫ গৰাকী লোকে প্ৰিকুৱেশ্বন পালি গ্ৰহণ কৰিছে।