গুৱাহাটী,২২ ডিচেম্বৰঃ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত নিত্য নতুন অপৰাধৰ ঘটনাই আৰক্ষীৰ মূৰকামোৰণিৰ সৃষ্টি কৰাৰ লগতে সন্ত্রস্ত কৰি তোলিছে মহানগৰবাসীক। চুৰি-ডকাইতি, লুণ্ঠন আদি ঘটনা গুৱাহাটী মহানগৰীত এতিয়া তেনেই স্বাভাৱিক ঘটনাত পৰিণত হৈছে। এনে অপৰাধমূলক ঘটনাৰ মাজতে একাংশ উদণ্ড যুৱকৰ দৌৰাত্ম্যই মহানগৰীৰ সৃষ্টি কৰিছে আন এক ত্রাসৰ। মহানগৰীত নিশা হ’লেই একাংশ উদণ্ড যুৱকে বাইক, গাড়ীৰ জৰিয়তে ৰাজপথত অতপালি কৰি সময়ে সময়ে হাৰাশাস্তি কৰি আহিছে পদপথচাৰীক। তেনে এক ঘটনা বুধবাৰে নিশা সংঘটিত হয় মহানগৰীৰ খানাপাৰা অঞ্চলত। ব্যক্তিগত ৱেগ’নাৰ বাহনেৰে ষ্টান্ট কৰা যুৱকে এগৰাকী যুৱতীক খুন্দা মৰাৰ লগতে অশ্লীল ইংগিত দি শাৰীৰিকভাৱে অপদস্থ কৰাৰো অভিযোগ উত্থাপন হৈছে। ভোক্তভোগী যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে যোৱানিশা কৰ্তব্যৰ পৰা আহি থকা অৱস্থাত খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ বিপৰীত দিশত ৱেগ’নাৰ লৈ অহা এজন যুৱকে প্ৰথমতে তেওঁক খুন্দা মাৰে। খুন্দা মৰাৰ পাছত তেওঁ যুৱকজনৰ ওচৰলৈ আহি কিবা কবলৈ লওতেই অশ্লীল ইংগিত দিয়ে। নিচাসক্ত অৱস্থাত থকা যুৱকজনৰ অশ্লীল ইংগিতৰ প্ৰতিবাদ জনাই যুৱতীগৰাকী আঁতৰি যায় যদিও যুৱকজনে পাছফালৰ পৰা গৈ যুৱতীগৰাকীক চুলিত ধৰি টানি মাটিত পেলাই দিয়ে। যুৱকজনে যুৱতীগৰাকীক চুলিত ধৰি পেলাই থৈ উধাও হয়। এই ঘটনাক কেন্দ্ৰ কৰি নিশা অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত হোৱা ৰাইজে যুৱকজনৰ ঘৰলৈ গৈ পিতৃ-মাতৃক যুৱকজনক মাতি আনিবলৈ অনুৰোধ জনায় যদিও পিতৃ-মাতৃয়ে যুৱকজনক মাতি দিবলৈ অমান্তি হোৱাত ৰাইজে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি যুৱকজনৰ এ এছ-০১-বিডি-৯৪৫৫ নম্বৰৰ ৱেগ’নাৰ বাহনখন জব্দ কৰিছে। ঘটনা সংঘটিত কৰা ৰোহন আগৰৱালা নামৰ যুৱকজনক আৰক্ষীয়ে এতিয়াও কৰায়ক্ত কৰিবলৈ সক্ষম হোৱা নাই। ইফালে ঘটনা সন্দৰ্ভত ৰোহন আগৰৱালাৰ পিতৃক আৰক্ষীয়ে সোধা-পোছা কৰিছে। কিন্তু ৰোহন আগৰৱালা এতিয়াও পলাতক অৱস্থাত আছে।