গুৱাহাটী,২১ ডিচেম্বৰঃ প্ৰদেশ কংগ্ৰেছত পুনৰ খহনীয়া হোৱাৰ আশংকা কৰা হৈছে। চৰ্চালৈ আহিছে উজনি অসমৰ দুগৰাকী শক্তিশালী কংগ্ৰেছ নেত্রীৰ নাম। কংগ্ৰেছৰ দুগৰাকী মহিলা নেত্ৰীৰ বিজেপি গমনৰ চৰ্চা চলিছে ৰাজ্যৰ ৰাজনীতিত। এগৰাকী হ’ল অংকিতা দত্ত আৰু আনগৰাকী নেত্রী হ’ল বিস্মিতা গগৈ। খুমটাইৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈৰ বিজেপিত যোগদানৰ সম্ভাৱনাক লৈ পূৰ্বতেও সৰৱ চৰ্চা চলিছিল। শেহতীয়াভাৱে দলত্যাগৰ ভাবুকি দিয়া অংকিতা দত্তই কংগ্ৰেছ এৰি বিজেপিত যোগ
দিব পাৰে বুলিও চৰ্চিত হৈছে। কাৰণ সাংগঠনিক নিৰ্বাচনৰ বাবে প্ৰদেশ যুৱ কংগ্ৰেছ ভংগ কৰি দিয়াত সভানেত্রীৰ দায়িত্বত থকা অংকিতা দত্তই ক্ষোভিত হৈ সহস্ৰাধিক যুৱ কংগ্ৰেছীকলৈ দল ত্যাগৰ হুংকাৰ দিছে। তেনে পৰিপ্ৰেক্ষিতত অংকিতা দত্তৰ নামটো চৰ্চালৈ আহিছে। ইফালে জানিব পৰা মতে খুমটাইৰ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ তীব্ৰ বিৰোধিতাৰ বাবে বিস্মিতা গগৈৰ গেৰুৱা শিবিৰত যোগদান সম্ভৱ হৈ উঠা নাই। কিন্তু শেহতীয়াকৈ মৃণাল শইকীয়াক ২০২৪ৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ সমষ্টিত প্রার্থিত্ব দি বিস্মিতা গগৈক বিজেপিলৈ আনি খুমটাইৰ বিধায়ক কৰাৰ কৌশল ৰচনা কৰা হৈছে বুলি চৰ্চিত হৈছে। কিন্তু দলৰ এনে সিদ্ধান্ত মানি ল’ব খোজা নাই মৃণাল শইকীয়াই। যাৰ বাবে বিস্মিতা গগৈৰ বিজেপি গমন সম্ভৱ হৈ উঠা নাই। খুমটাই কংগ্ৰেছ শূন্য কৰি গৌৰৱ গগৈয়ে প্রতিনিধিত্ব কৰা কলিয়াবৰ লোকসভা সমষ্টি দখলৰ এটা কৌশল হিচাপে বিস্মিতা গগৈক আদৰি ল’বলৈ বিজেপিৰ এটা মহল প্রায় সাজু হৈছে। ৰাজ্যিক বিজেপিৰ কাৰ্যালয় মুকলি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ জনসভাৰ সময়তে প্ৰাক্তন কংগ্ৰেছী বিধায়িকাগৰাকীৰ উপৰি পৱন সিং ঘাটোৱাৰৰ পুত্ৰ প্রাঞ্জল ঘাটোৱাৰৰ যোগদানৰ সম্ভাৱনাৰ বিষয়টো বিশেষভাৱে চৰ্চিত হৈছিল। কিন্তু সেই সময়ত বিনোদ হাজৰিকা, চক্ৰধৰ গগৈয়ে তীব্র বিৰোধিতা কৰাত সেয়া সম্ভৱ হৈ নুঠিল। ইফালে আমগুৰি বিধানসভা সমষ্টিটো অগপৰ দখলত থকা বাবে অংকিতা দত্তৰ বিজেপিত যোগদানৰ চৰ্চাক লৈ সমষ্টিটোত গেৰুৱা শিবিৰৰ পৰা বিশেষ বিৰোধিতা বা প্রতিক্রিয়া পৰিলক্ষিত হোৱা নাই। অৱশ্যে ২০২৪ৰ লোকসভা নিৰ্বাচনত লাভ-লোকচানৰ সমীকৰণ কৰিহে কংগ্ৰেছৰ নেতা বা নেত্রীক বিজেপিয়ে আদৰি লোৱাত গুৰুত্ব দিব বুলি জানিব পৰা গৈছে। অৱশ্যে বিষয়টো এতিয়াও চৰ্চাৰ মাজতে আছে যদিও সকলো নিৰ্ভৰ কৰিব ৰাজনৈতিক সমীকৰণৰ ওপৰত।