গুৱাহাটী,২৩ ডিচেম্বৰঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী ড° মনসুখ মাণ্ডাবিয়াই আজি ভার্চুৱেলি দেশৰ সকলো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে ক’ভিড-১৯ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ এক পর্যালোচনা বৈঠকত মিলিত হয়। এই পর্যালোচনা বৈঠকত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা অংশ গ্ৰহণ কৰে। তদুপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্রিয়া, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালক ডাঃ নীল মাধৱ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অ’ এছ ডি পংকজ চমুৱা প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে ৰাষ্ট্রীয় স্বাস্থ্য অভিযান অসমৰ খ্ৰীষ্টানবস্তিস্থিত মুখ্য কাৰ্যালয়ৰ পৰা এই ভার্চুৱেল বৈঠকত
অংশ গ্ৰহণ কৰে। শেহতীয়াকৈ জাপান, আমেৰিকা, দক্ষিণ কোৰিয়া, ব্রাজিল আৰু চীনত ক’ভিড-১৯ৰ সংক্ৰমণ পুনৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে পৰিস্থিতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত এম অ’ এইচ এপ ডব্লিউয়ে দেশৰ জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ৰাজ্যকে সতর্ক হৈ থকাৰ আহ্বান জনায়। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে সকলো ৰাজ্যকে জেনম ছিকুৱেন্সৰ সংখ্যা বৃদ্ধি কৰাৰো পৰামৰ্শ আগবঢ়ায়। কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ২৭ ডিচেম্বৰত দেশৰ সকলো স্বাস্থ্য কেন্দ্রকে যথাক্রমে ক’ভিড পৰিস্থিতি মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় পূর্ব প্রস্তুতিৰ অনুশীলন কৰিবলৈ সকলো ৰাজ্যকে নির্দেশ দিয়ে। ক’ভিড পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে ক’ভিড চিকিৎসাত ব্যৱহাৰযোগ্য সকলো সা-সৰঞ্জাম, বিছনা, অক্সিজেন প্লান্ট, ভেণ্টিলেচন, আইচিইউ, মানৱ সম্পদ ইত্যাদি কার্যকৰী ব্যৱস্থাৰ সকলো দিশৰ ওপৰত গুৰুত্বাৰোপ কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে সকলো
ৰাজ্যকে স্বাস্থ্য পৰীক্ষা প্ৰক্ৰিয়া আৰম্ভ কৰা, ক’ভিড প্রতিষেধকৰ সতৰ্কৰ্তাসূচক পালি প্ৰদান কৰা, মাস্ক
পৰিধান আৰু সকলো সময়তে ক’ভিড আচৰণবিধি মানি চলাৰ ওপৰত গুৰুত্বাৰোপ কৰিবলৈ আহ্বান জনায়। অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই উক্ত পর্যালোচনা বৈঠকত শেহতীয়া ক’ভিড-১৯ পৰিস্থিতিৰ ওপৰত সতর্কতাৰে স্বাস্থ্য বিভাগে নজৰ ৰখাৰ কথা সদৰি কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ক’ভিড পৰিস্থিতি মোকাবিলা কৰিবৰ বাবে ক’ভিড চিকিৎসাৰ সৈতে জড়িত সা-সুবিধাসমূহ বিছনা, অক্সিজেন প্লাণ্ট, ভেণ্টিলেচন, আইচিইউ, মানৱ সম্পদ আদি বিভাগীয় ব্যৱস্থাপনা সষ্টম হৈ থকা বুলি সদৰি কৰে। মন্ত্ৰী মহন্তই কেন্দ্রীয় স্বাস্থ্য মন্ত্রীগৰাকীক ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে ২২ ডিচেম্বৰত ক’ভিড-১৯ৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ পূৰ্ব প্রস্তুতি সন্দৰ্ভত
এক বৈঠকত মিলিত হোৱা বুলিও জানিবলৈ দিয়ে। এই বৈঠকতে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াসকল মন্ত্রী মহন্তই যথাসম্ভৱ পৰ্যাপ্ত পৰিমাণৰ সতর্কতাসূচক পালি যোগান ধৰিবলৈ অনুৰোধ জনায়। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ বাবে ইতিমধ্যে নির্দেশনা জাৰি কৰিছে। সেই অনুসৰি পৰ্যটকসকল নিজ নিজ দেশৰ ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ সময়সূচী অনুসৰি সম্পূৰ্ণ টিকাকৰণ কৰা হ’ব লাগিব। ক’ভিডৰ যিকোনো লক্ষণ থকা যাত্ৰীক ক’ভিড নীতি অনুসৰি সম্পূৰ্ণ আছুতীয়াকৰণ কৰাৰো পোষকতা কৰে। ক’ভিডৰ যিকোনো লক্ষণ থকা যাত্রীক ভ্রমণকালত মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে অন্য যাত্রীৰ পৰা পৃথকভাৱে ৰাখি পৰৱৰ্তী সময়ত সম্পূর্ণ আছুতীয়াভাৱে চিকিৎসা প্রদান কৰা হ’ব। আন দেশৰ পৰা আহি বিমান বন্দৰত উপস্থিত হোৱা ১২ বছৰ বয়সৰ তলৰ শিশুসকলৰ বাদে আন যাত্ৰীসকলক স্বাস্থ্য পৰীক্ষা কৰা হ’ব। বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত ক’ভিড-১৯ৰ লক্ষণ থকা ব্যক্তিক ক’ভিড নীতি অনুসৰি তৎকালে স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা প্ৰদান কৰা হ’ব। উল্লেখ যে অসমে ক’ভিড-১৯ৰ বিগত তিনিটা লহৰৰ পৰিস্থিতিৰ সৈতে যুঁজ দি সফলতাৰে ক’ভিডক পৰাভূত কৰিবলৈ সক্ষম হৈছিল।