গুৱাহাটী,২৪ ডিচেম্বৰঃ অসম বিধানসভাত বিভিন্ন অপৰাধ তথা অপৰাধীৰ সমৰ্থন কৰা বিৰোধী বিধায়কসকলৰ বিৰুদ্ধে চি বি আই তথা ‘নিয়া’ তদন্ত কৰাৰ দাবী উত্থাপন কৰিলে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। উল্লেখ যে অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ আজি পঞ্চম দিনা অপৰাধ তথা এনকাউণ্টাৰৰ প্ৰসংগকলৈ সদন উত্তপ্ত হৈ পৰে। বিধায়ক আমিনুল ইছলামৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্রী পীযুষ হাজৰিকাই অসমত বিগত সময়ত এটাও এনকাউণ্টাৰ হোৱা নাই বুলি কোৱাৰ লগে লগে অখিল গগৈকে ধৰি বিৰোধী বিধায়কসকল সৰৱ হৈ পৰে। তাৰ মাজতে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিধানসভাত চোৰ-ডকাইত, বলাৎকাৰী, জেহাদী আদিৰ সমৰ্থনকাৰী আছে বুলি মন্তব্য কৰে। ইয়াক লৈ সদন উত্তপ্ত হৈ পৰে। যাৰবাবে অধ্যক্ষই এঘণ্টাৰ বাবে সদন স্থগিত ৰাখে। প্ৰশ্নোত্তৰৰ সময়ত এই ঘটনা সংঘটিত হয়। সদনৰ পৰা ওলাই আহি সংবাদ মাধ্যমৰ আগত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে বিধানসভাত অপৰাধৰ পক্ষ লৈ পূৰ্বে এনেদৰে হুলস্থুল হোৱা নাছিল। এয়া নজিৰ বিহীন ঘটনা। মন্ত্ৰীয়ে চোৰ ডকাইত সন্দৰ্ভত উত্তৰ দিবলৈ লওঁতেই অখিল গগৈকে ধৰি বিৰোধী বিধায়কে হুলস্থল কৰিলে। তেওঁ কয় যে বিৰোধী বিধায়কে চোৰ-ডকাইতকে ধৰি অপৰাধীৰ সমৰ্থন কৰে। অপৰাধ তথা অপৰাধীৰ সমৰ্থন কৰা প্ৰতিজন বিৰোধী বিধায়কৰ বিৰুদ্ধে চি বি আই তদন্ত কৰাৰ বাবে তেওঁ দাবী উত্থাপন কৰে। লগতে তেওঁ বিধানসভাত চোৰ-ডকাইত তথা জেহাদীৰ সমৰ্থন কৰা বিধায়ক থকাকলৈ উদ্বেগ প্ৰকাশ কৰে। এনকাউণ্টাৰৰ প্ৰসংগত তেওঁ কয় যে অসমত এনকাউন্টাৰ হোৱা নাই। কিন্তু আৰক্ষীক কোনোবাই আক্ৰমণ কৰা কাৰনেহে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি তেওঁ যুক্তি দিয়ে।