তামুলপুৰ, ২৭ ডিচেম্বৰ:তামুলপুৰ জিলাৰ অন্তৰ্গত ঐতিহাসিক কচুকাটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি। অহা ১৫, ১৬ আৰু ১৭ জানুৱাৰীত নানা জাতি জনগোষ্ঠীৰ মিলন ভূমি কচুকাটাৰ ৰাজহুৱা খেল পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এইবেলি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে কচুকাটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহ। ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ আজি লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি তথা বিটিআৰৰ চৰকাৰী মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভাৰ লগতে উদযাপন সমিতিৰ বিভিন্ন বিষয়ববীয়া সকলে। ইতিমধ্যে কচুকাটা ৰাজহুৱা খেল পথাৰ প্ৰাঙ্গণত ৰূপালী জয়ন্তী উদযাপনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা অৰ্থাৎ ১৫ জানুৱাৰীৰ ৰাতিপুৱা নামঘৰত সমূহীয়া প্ৰাৰ্থনা কৰাৰ পিছতেই ৰূপালী জয়ন্তী সমাৰোহৰ মূখ্য দ্বাৰ উদঘাটন কৰিব কচুকাটা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী জল্টি ডেকাই। মূখ্য দ্বাৰ উদঘাটনৰ পিছতেই মেজি প্ৰজ্বলন কৰিব বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে। ইয়াৰ পিছতেই পতাকা উত্তোলন, মাল্যাৰ্পন ও স্মৃতি তৰ্পণ, খেল ধেমালী প্ৰতিযোগিতা আদি বৰ্ণিল কাৰ্যসূচী ৰূপায়ন কৰা হব। ঠিক তেনেদৰে ১৬ জানুৱাৰী দ্বিতীয় দিনাৰ কাৰ্যসূচীত ৰাতিপুৱা স্বচ্ছ অভিযান, বৃক্ষৰোপন, ভলীবল খেল প্ৰতিযোগিতাৰ পিছতেই সন্ধিয়া সমূহীয়া বন্তী প্ৰজ্বলন আৰু হলধৰ দাস সোৱৰণী সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব। দ্বিতীয় দিনাৰ কাৰ্যসূচী সামৰণিৰ পিছতেই ১৭ জানুৱাৰীৰ ৰাতিপুৱা মাৰাথান দৌৰ প্ৰতিযোগিতাৰে অনুষ্ঠিত হব তৃতীয় দিনাৰ কাৰ্যসূচী। ইয়াৰ পিছতেই স্বচ্ছ অভিযান, সাংস্কৃতিক শোভাযাত্ৰা তথা দুপৰীয়া মুকলি সভা অনুষ্ঠিত কৰা হ’ব। মুকলি সভাৰ অন্তত সন্ধিয়া ছয় বজাত সমূহীয়া বন্তী প্ৰজ্বলন আৰু সাত বজাত সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ’ব। এনেদৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত কচুকাটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ আজি এক মাঙ্গলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰা হয়। আজিৰ লাইখুঁটা স্থাপন অনুষ্ঠানটোত ভোগালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কামেশ্বৰ দাস, সাধাৰণ সম্পাদক বিপিন বড়ো, সহকাৰী সম্পাদক ক্ৰমে- নৱজিৎ পাঠক আৰু ৰহিত বড়ো সহ শতাধিক লোক উপস্থিত থাকে। উক্ত তিনিও দিনৰ বৰ্ণিল কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি ও সহায় সহযোগিতা কামনা কৰা বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।
Home অসম আৰু উত্তৰপূব তামুলপুৰৰ কচুকাটা ৰাজহুৱা ভোগালী বিহু মহোৎসৱৰ ৰূপালী জয়ন্তী সমাৰোহৰ লাইখুঁটা স্থাপন










