গুৱাহাটী,৫ জানুৱাৰীঃ সুপ্ৰশাসন আৰু জনমুখী সেৱাৰ লক্ষ্যৰে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৰূপনগৰত কামৰূপ মহানগৰৰ সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আয়োজিত ভূমি পূজন অনুষ্ঠানত অংশ গ্ৰহণ কৰে। প্ৰায় ৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ভৱনত উপায়ুক্ত কাৰ্যালয়ৰ অধীনৰ সকলো চৰকাৰী বিভাগ থাকিব। ভূমি পূজনত মন্ত্রী ৰণজিৎ কুমাৰ দাস আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা উপস্থিত আছিল।










