লখিমপুৰ , ৫জানুৱাৰী ; জানুৱাৰী,; অসমৰ সমাজ জীৱন লগত জডিত অৰাজনৈতিক সগঠন হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি লখিমপুৰ জিলা সমিতি উদ্যোগত চৰকাৰী পেঞ্চনাৰ ভৱনত থকা কাৰ্যালয়ত দিনযোৰা বণাৰ্ঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰা হয়৷ পুৱা ৬.০০ বজাত আৰম্ভ হোৱা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে জিলা সভাপতি যুগ্মজ্যোতি দত্তই৷ সভাপতি গৰাকীয়ে তেখেতৰ বক্তব্যত আজিৰ এই মহেন্দ্ৰ ক্ষণত অসমবাসী হিন্দু সমাজখনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ তেওঁ ৩১ বছৰীয়া পৰিক্ৰমাত অসমৰ জনগণৰ আৰ্শীবাদ, চেনেহ তথা পৰামৰ্শ প্ৰদানেৰে আজি এই পৰ্য্যায়ত উপনীত হৈছে বুলি মন্তব্য কৰাৰ লগতে অনাগত দিনত অসমৰ বিভিন্ন জলন্ত সমস্যাৰাজিৰ সামান্তৰাল ভাৱে খ্ৰীষ্টান মিছনেৰী প্ৰলোভনাত্মক ধৰ্মান্তকৰণ, সত্ৰৰ মাটি আৰু চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ বাবে আমাৰ প্ৰতিবাদ নিৰবিচিন্ন ভাৱে চলি থাকিব বুলি উল্লেখ কৰে ।ইয়াৰ পাছতে শ্বহীদ তপৰ্ন কৰে জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ঘনকান্ত বৰাই৷ শ্বহীদ তপৰ্ন কৰি ভাৰপ্ৰাপ্ত সম্পাদ গৰাকীয়ে মহান ব্যক্তিৰ ত্যাগ তথা বলিদানৰ কথা ব্যক্ত কৰে৷ পৰৱৰ্তী পৰ্য্যায়ত ভাৰত মাতাৰ প্ৰতিছবিত মাল্যাপৰ্ন ও বন্তি প্ৰজ্বলন কৰে লক্ষীমপুৰৰ জ্যেষ্ঠ নাগৰিক তথা স্থানীয় সৰবৰহী ব্যক্তি বাবুল বৰাই । কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্ব শান্তিৰ অৰ্থে নাম কীৰ্ত্তন কৰাৰ লগতে লক্ষীমপুৰৰ বিভিন্ন চৰকাৰী কাৰ্যালয়ৰ বিষয়াসকলৰ মাজত গছ পুলি বিতৰণ কৰা হয়৷ সন্ধ্যালৈ বন্তি প্ৰজ্বলন কৰে অৱসৰ প্ৰাপ্ত বিদ্যালয়ৰ উপ-পৰিদৰ্শক কনকেশ্বৰ ডেকাই । আজিৰ অনুষ্ঠানত উপস্থিত থকা সকলোকে জিলা সভাপতি যুগ্মজ্যোতি দত্তই আন্তৰিক ধন্যবাদ তথা কৃতঞ্জতা জ্ঞাপন কৰে৷










