গুৱাহাটী,৫ জানুৱাৰীঃ গুৱাহাটী পুলিচ ৰিজার্ভৰ পুনৰ্বিকাশৰ বাবে আজি আয়োজন কৰা ভূমি পূজন অনুষ্ঠানত অংশ গ্ৰহণ কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ৫৪৪.৪৪ কোটি টকা ব্যয়সাপেক্ষ এই নতুন আন্তঃগাঁথনি সংযোজনত অসম আৰক্ষীৰ কৰ্মীসকলৰ বাবে পৰ্যাপ্তসংখ্যক আৱাসিক কোৱাৰ্টাৰ অন্তৰ্ভুক্ত হ’ব। উক্ত পদক্ষেপে চহৰখনত চৰকাৰী কৰ্তব্য আৰু দায়বদ্ধতা পালন কৰাত বাহিনীৰ বাবে উৎসাহী পদক্ষেপ হিচাপে পৰিগণিত হ’ব বুলি মুখ্যমন্ত্রীয়ে দৃঢ়তাৰে বিশ্বাস কৰে। অনুষ্ঠানত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।










