নিউজ ডেক্সঃৰাজধানী চহৰ দিল্লীত বায়ু গুণমান সূচক এতিয়া এক গুৰুতৰ পৰ্যায়ত আছে। চহৰখনত কৰ্কট ৰোগ সৃষ্টিকাৰী প্ৰদূষকৰ ঘনত্ব জৰুৰী কালীন স্তৰত উপনীত হৈছে। যাৰ বাবে দীৰ্ঘম্যাদী শ্বাস-প্ৰশ্বাসৰ ৰোগৰ সম্ভাৱনা অধিক হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা সুৰক্ষিত সীমাতকৈ প্ৰায় ১০০ গুণ অধিক এই প্ৰদূষণ । যাৰ বাবে এই মাইক্ৰ’-প্ৰদূষক বহু সময়লৈ মানুহৰ সংস্পৰ্শলৈ আহিলে হাঁওফাঁওৰ কৰ্কট ৰোগ হ’ব পাৰে।অনাগত দিনত বায়ু প্ৰদূষণ অধিক বেয়া হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানীত পুনৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। কেন্দ্ৰৰ বায়ু গুণমান পেনেলে কৈছে যে দিল্লী-এনচিআৰৰ কেইবাটাও ঠাইত ইতিমধ্যে বায়ুৰ মানদণ্ড অহা কেইদিনমানৰ ভিতৰত অধিক অৱনতি হোৱাৰ সম্ভাৱনা আছে। এই অৱনতিৰ বাবে ঘন কুঁৱলী, বতাহ আৰু নিম্ন তাপমাত্ৰাই প্ৰধান কাৰণ । বায়ুৰ গুণগত মানদণ্ডৰ পেনেলে এতিয়া উদ্যোগসমূহক পৰিষ্কাৰ ইন্ধন ব্যৱহাৰ কৰাৰ লগতে অঞ্চলটোত কয়লাৰ ব্যৱহাৰ নিষিদ্ধ কৰিবলৈ কৈছে।এতিয়া বায়ু মানদণ্ড ব্যৱস্থাপনা আয়োগৰ গ্ৰেডেড ৰেচপন্স একচন প্লেন দক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে।