গুৱাহাটী,৮ জানুৱাৰীঃ আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলক শক্তিশালী কৰাৰ লক্ষ্যৰে বিভিন্ন কাৰ্যপন্থা গ্ৰহণৰ উদ্দেশে আজি প্ৰদেশ কংগ্ৰেছ ৰথী-মহাৰথীসকল সমৱেত হৈছে বিধানসভাৰ জি এন বি প্ৰেক্ষাগৃহত। অনুষ্ঠিত হৈছে কেইবাখনো বৈঠক। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি সকলো শীৰ্ষ নেতাৰ লগতে সাংসদ আৰু বিধায়কৰ উপৰি জিলা পৰ্যায়ৰ নেতা সকলেও অংশ গ্ৰহণ কৰিছে এই বৈঠকত। বিভিন্ন পৰ্যায়ত অনুষ্ঠিত হোৱা এই বৈঠকত কংগ্ৰেছ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাজনো নেতা উপস্থিত আছে। জানিব পৰা মতে সোমবাৰেও প্ৰদেশ কংগ্ৰেছৰ এই বৈঠক অনুষ্ঠিত হ’ব। লক্ষণীয় বিষয় যে বিগত সময়ত প্ৰতিটো নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মূখীন হোৱা প্ৰদেশ কংগ্ৰেছ আভ্যন্তৰিন সংঘাতৰো সন্মূখীন হৈ আহিছে। ইফালে বিগত সময়ত বহুকেইজন নেতায়ো দল ত্যাগ কৰিছে। বিভিন্ন দিশৰ পৰা সংকটত থকা দলটোক উদ্ধাৰ কৰাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্রাৰ অসমত সামৰণি পৰিছে যদিও দেশজোৰা যাত্রা এতিয়াও অব্যাহত আছে। ইফালে কংগ্ৰেছে ভাৰত জোড়ো যাত্রাৰ পাছতে আৰম্ভ কৰিব ‘হাথ সে হাথ জোড়ো যাত্রা’। ২৬ জানুৱাৰীৰ পৰা এই অভিযান আৰম্ভ হ’ব। অসমতো এই অভিযানৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। আজি অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৈঠকত এই সন্দৰ্ভতো আলোচনা কৰা হয়। বৈঠক সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে ‘হাতে হাত ধৰি যাত্রা’ কাৰ্যসূচীৰ বাবে আজিৰ সভাত এক ৰূপৰেখা নিৰ্ণয় কৰা হয়। সেই অনুসৰি ২০ জানুৱাৰীত উত্তৰ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ সামৰি বিহপুৰীয়াত সভা অনুষ্ঠিত হ’ব আৰু সেই সভাতেই উত্তৰ অসমৰ কাৰ্যসূচীৰ পৰিকল্পনা কৰা হ’ব। আনহাতে বৰাকত সিদ্ধান্ত চূড়ান্ত হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ২৮ জানুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈকে বৰাক ভেলীত ‘হাতে হাত ধৰি’ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। আনহাতে বাকী অসমৰ বাবে জিলা ভিত্তিক তথা সমষ্টি ভিত্তিক কাৰ্যসূচীৰ সময়সূচী চূড়ান্ত হোৱা নাই যদিও অসমৰ প্ৰতিটো পৰিয়ালৰ চোতাললৈ কংগ্ৰেছৰ নেতা-কৰ্মীসকল যাব বুলি তেওঁ কয়। তেওঁ লগতে কয় যে ৰাহুল গান্ধীয়ে দিয়া এখন পত্র প্ৰতিটো পৰিয়ালৰ ওচৰলৈ দিয়া হ’ব। এ আই ইউ ডি এফৰ প্ৰসংগত তেওঁ কয় যে কংগ্ৰেছে কেতিয়াও ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰা দলৰ লগত খোজ নিদিয়ে তথা সম্পৰ্ক নাৰাখে। ৰাহুল গান্ধীৰ লগত বদৰুদ্দিন আজমলে সংগ দিব বিচৰাৰ প্ৰসংগত তেওঁ কয় যে ৰাহুল গান্ধীৰ সৈতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলে যাত্রাত সংগ দিয়াৰ সময়ত বহু কথা আলোচনা হৈছিল। সেই আলোচনাত মহাজোঁটবন্ধন ভংগ কৰাৰ কাৰণ সম্পৰ্কেও আলোচনা কৰা হৈছিল। তেতিয়া ৰাহুল গান্ধীয়ে কৈছিল যে এজন নেতাই বদৰুদ্দিন আজমলে তেওঁৰ সৈতে যাত্রাত সংগ দিব বিচৰাৰ কথা কৈছিল। কিন্তু ৰাহুল গান্ধীয়ে অসমৰ নেতাই বেয়া পাব বুলি সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। এই কথা ৰাহুল গান্ধীয়ে নিজে কোৱা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সদৰি কৰে। তেওঁ লগতে কয় যে প্ৰথমে পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু হৈছে আৰু এই নিৰ্বাচনত কংগ্ৰেছে কাৰো লগত প্ৰত্যক্ষভাৱে মিত্রতা নকৰে।
উল্লেখ যে আজি অসম বিধানসভাৰ সভাকক্ষত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰ্যবেক্ষক তথা সাংসদ ৰঞ্জিত ৰঞ্জন, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ দুই সম্পাদক ক্ৰমে পৃথ্বীৰাজ প্ৰভাকৰ সাথে আৰু বিকাশ উপাধ্যায়ৰ উপস্থিতিত অনুষ্ঠিত সভাখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, দলৰ মুখ্য সচেতক ৱাজেদ আলী চৌধুৰী, অসম প্ৰদেশ কংগ্ৰেছৰ সকলো বিধায়ক, বিষয়ববীয়া, জ্যেষ্ঠ মুখপাত্ৰ আৰু মুখপাত্ৰ সকল, ভাতৃ-ভগ্নী সংগঠনৰ নেতৃত্ব, জিলা সভাপতিসকল উপস্থিত আছিল।
