লখিমপুৰ , ৮ জানুৱাৰী লখিমপুৰৰ তিনিটাকৈ বিভাগ ক্রমে ছিলা খাদ্য সুৰক্ষা বিভাগ, জলসিঞ্চন বিভাগ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। লখিমপুৰ জিলা আৰ টি আই কর্মী সন্থাই। কালি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱত সস্থাৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত এক সংবাদ মেলত এই গুৰুতৰ অনিয়ম সংঘটিত হোৱাৰ বিষয়ে আৰ টি আইৰ তথ্য যোগে তেওঁলোকে এই কথা পোহৰলৈ আনে। সন্থাৰ অভিযোগ- লখিমপুৰ জিলাৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ অধীনৰ খাদ্য সুৰক্ষা বিভাগটোৱে জিলাখনত হোটেল, ধাবা ৰেষ্টোৰেণ্ট সমূহৰ উপযুক্ত অনুজ্ঞা পত্ৰ নোহোৱাকৈ জধে মধে গঢ়ি উঠাৰ পিছতো কোনো কার্য ব্যবস্থা গ্রহণ কৰা নাই। আৰ টি আই তথ্য দাঙি ধৰি সংগঠনটিয়ে কয় লখিমপুৰত খাদ্য সুৰক্ষা বিভাগৰ আওতাত মাত্র ৩৫ খন হোটেল, ধাৱা, ৰেষ্টোৰেণ্টৰ অনুজ্ঞাপত্র আছে যদিও প্রকৃততে জিলাখনত এহেজাৰখন এনে ৰেষ্টোৰেণ্ট, ধাবা আছে। আনহাতে লখিমপুৰ জলসিঞ্চন বিভাগৰ অধীনতো বিভিন্ন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য ফাদিল কৰিছে আৰ টি আই কর্মী সন্থাই। তেওঁলোকৰ মতে জিলাখনৰ ঢকুৱাখনা মহকুমাৰ দাংধৰা জলসিঞ্চন আঁচনিৰ বাবদত ২৯২ কোটি, ঠেকেৰাগুৰি জলসিঞ্চন আঁচনিৰ বাবদ ২.৪৬ কোটি, জালভাৰি জলসিঞ্চন আঁচনিৰ বাবদ ৩০২ কোটি, সোণাৰি চাপৰি ডালসিঞ্চন আঁচনিৰ বাবদ ৩.৩০ কোটি, বিলমুখ জলসিঞ্চন আঁচনিৰ বাবদ ২.৭৫ টকা আবণ্টন হৈছিল। কিন্তু আজিলৈকে উক্ত অঞ্চলৰ বাসিন্দাসকলে তাৰ সুফল পাবলৈ সক্ষম নহ’ল। উক্ত প্রকল্পসমূহ মেৰামতিৰ বাবতো ৪৫ লাখ টকাৰ আবণ্টন চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছিল যদিও আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হয়। ইপিনে জনস্বাস্থ্য কাৰিকৰী বিভাগ লখিমপুৰ সংমণ্ডলটো জনজীৱন আঁচনি ৰূপায়ণৰ নামতো অনিয়ম সংঘটিত হৈছে। লখিমপুৰ চহৰৰ নিকতবর্তী তেলিয়া গাঁও আৰু মাজুলীয়াল গাঁওত নির্মিয়মান টেংকী দুটাৰ প্ৰাককলন বিচাৰি আৰ টি আই কর্মী সস্থাই আবেদন কৰিছিল যদিও প্ৰতিটো কামৰ বিপৰীতে প্ৰয়োজনতকৈ অত্যাধিক পুঁজি আবণ্টন কৰা হৈছে। তাৰে ভিতৰত উল্লেখযোগ্য ভাবে কেবল মাত্র 1.5m 0.90m এখন চাইনর নির্মাণৰ নামত ৪২.৪৭৫ টকা প্ৰদান কৰা হৈছে। যিটো প্রয়োজনতকৈ অত্যাধিক। আনহাতে শৌচাগাৰ নিৰ্মাণৰ বাবে ৪৪,৪৫৮ টাকা আবণ্টন দিয়া হৈছে। আৰ টি আই কৰ্মীৰ অভিযোগ স্বচ্ছ ভাৰত মিছনৰ অধীনত অতি দৰিদ্ৰ হিতাধীকাৰিকো মাত্র ১২ হাজাৰ টকা খৰচৰহে শৌচাগাৰ নিৰ্মাণ কৰা হৈছে। তেনেস্থলত শৌচাগাৰ নির্মাণত ৪৪.৪৫৮ টকা ধায্য কৰা আৰু চাইনবৰ্ড নিৰ্মাণত ব্যার্থ কৰা টকাৰ পৰিমাণে এই আঁচনিবোৰত যে ব্যাপক দুর্নীতি হৈছে সেয়া স্পষ্ট কৰিছে বুলি অভিযোগ তুলিছে। স্বচ্ছ ভাৰত মিছনৰ নামত অনাময় শৌচাগাৰ নির্মাণত ঢকুৱাখনা, ঘিলামৰা, নাওবৈচা, বিহপুৰীয়া ব্লকড উচ্চ পর্যায়ৰ তদন্ত কৰিলে বৃহৎ দুর্নীতি তথ্যৰ ফাদিল হ’ব। আজি আৰ টি আই কৰ্মী সস্থাৰ হৈ সংবাদ মেলত উপস্থিত থাকে চাজাদ হাজৰিকা, যিষ্ণুজ্যোতি দও দুলাল শ‍ইকীয়া, হিমাশ্রী বাইলুং, ৰাজীৱ আহমেদ আদি।