লখিমপুৰ, ৫ জানুৱাৰী : বেদখলকাৰীৰ কবলত পৰা এসময়ৰ বনৰীয়া ম’হ, নল গাহৰি তথা জীৱ-বৈচিত্ৰ্যৰে ভৰপূৰ লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰিবৰ বাবে জিলা প্ৰশাসন আৰু বন বিভাগে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। সেই অনুসৰি অহা ১০ জানুৱাৰীৰ পৰা বনাঞ্চলখনত চলিব উচ্ছেদ অভিযান। এই অভিযানৰ বাবে কেইবাখনোএক্সকেভেটসহ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী সাজু কৰা হৈছে। ইপিনে, বেদখলকাৰীসকলে যাতে উচ্ছেদ অভিযানৰ পূৰ্বেই ঘৰ-দুৱাৰ, সা-সম্পত্তি আদি স্থানান্তৰ কৰিব পাৰে এই সন্দৰ্ভত লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বিশেষ পদক্ষেপ লৈছে। আৰক্ষীৰ সূত্রই জনোৱামতে জিলা প্ৰশাসনৰ জাননী লাভ কৰি ইতিমধ্যে বহু পৰিয়ালে বনাঞ্চলখনৰ ভিতৰত থকা ডাঙৰ আকৃতিৰ ঘৰসমূহ স্থানান্তৰ কৰে যদিও সৰু সৰু ঘৰবোৰ বর্তমানেও খালী কৰা নাই । উল্লেখ্য যে বেদখলকাৰীসকলক বনাঞ্চলখন খালী কৰি দিবৰ বাবে ইতিপূর্বে দুবাৰকৈ জাননী জাৰি কৰাৰ পিচতো বানপানী, বৰষুণ আদি কাৰণত উচ্ছেদ অভিযান স্থগিত ৰখাত এই বাৰো বনাঞ্চলখনত উচ্ছেদ অভিযান নচলায় বুলি পৰিয়ালসমূহে ধাৰণা কৰিছিল। মনকৰিবলগা কথা যে মুঠ ৪,৬২৫ হেক্টৰ মাটি-কালি বনাঞ্চলখনৰ ৪৫০ হেক্টৰ মাটিয়েই বেদখলকাৰীৰ কবলত আছে। বেদখলকাৰীসকলে বনাঞ্চলখনৰ গছ- গছনি কাটি ঘৰ সজাৰ লগতে সৰিয়হ ঘেঁহু আদি ৰবি শস্যৰ খেতি কৰিবলৈ লয়। ইপিনে, নাওবৈচা আৰু বিহপুৰীয়া ৰাজহ চক্ৰ এলেকাৰ কেনেকৈ চৰকাৰী আবাস, বিদ্যুৎ যোগান আদি লাভ কৰিলে ই চিন্তনীয় বিষয় হৈ পৰিছে।