শিৱসাগৰ, ৯ জানুৱাৰীঃশিৱসাগৰৰ ৰংঘৰৰ বাকৰিৰ বৰ্তমানৰ পৰিসীমাৰ বাহিৰৰ সৌন্দৰ্য্যবৰ্ধন আৰু প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম ইতিমধ্যে অসম চৰকাৰে হাতত লৈছে৷ ইয়াৰ বাবে প্ৰয়োজন হোৱা জমিৰ অধিগ্ৰহণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে৷ এই ৰংঘৰৰ চাৰিসীমাৰ লগত সংলগ্ন ব্যক্তিগত লোকৰ নামত পট্টা চলি থকা প্ৰায় ৭৮ বিঘা মাটিৰ অধিগ্ৰহণ কৰাৰ লগতে চৰকাৰী ৫ বিঘা মাটি সাঙুৰি অসমৰ থলুৱা জাতি জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শন কৰাৰ লগতে অসমৰ ঐতিহ্য অসমৰ বাহিৰত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এক অভিলাষী আচঁনি হাতত লোৱা হৈছে৷ কালি ৰংঘৰৰ বাকৰিত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ মাননীয় মন্ত্ৰী যোগেন মহনে ইয়াক এক ঐতিহাসিক ক্ষণ আখ্যা দি ব্যক্তিগত মাটিৰ অধিগ্ৰহণৰ বিপৰীতে যি ক্ষতিপূৰণ পট্টাদাৰক আদায় দিব লাগে তাৰে এক প্ৰতিকী চেক প্ৰদান কৰাৰ কাৰ্যসুচীত অংশ গ্ৰহণ কৰে৷ থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, শিৱসাগৰ জিলাৰ মাননীয় উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে স্থানীয় ব্যক্তি হিচাপে ময়ুৰ বৰগোঁহাই আদি উপস্থিত থাকে৷ এই অধিগ্ৰহণৰ অন্তত ঐতিহ্যক্ষেত্ৰখনৰ উন্নয়নে পৰ্যটনৰ ক্ষেত্ৰতো একে ইতিবাচক সংযোজন ঘটাব বুলি জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে৷