গুৱাহাটী,১৩ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি ‘স্বনিৰ্ভৰ নাৰী’ৰ অধীনত হস্ততাঁত বস্ত্রৰ ক্ৰয় প্ৰক্ৰিয়াৰ আজি শুভাৰম্ভনী কৰা হয়। গুৱাহাটীৰ আমবাৰীস্থ হস্ততাঁত আৰু বস্ত্রশিল্প সঞ্চলকালয়ত আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই ক্ৰয় প্ৰক্ৰিয়াৰ শুভাৰম্ভনী কৰে। ৰাজ্যৰ হস্ততাঁত খণ্ডক উৎসাহিত কৰাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহন কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে অসম চৰকাৰে স্থাপন কৰা ১০০টা ক্ৰয় কেন্দ্ৰত অসমৰ ৪.৮ লাখ শিপিনীৰ পৰা গামোচা, আৰনাই আৰু অন্যান্য একে ধৰণৰ হস্ততাঁত সামগ্ৰী ক্ৰয় কৰা হ’ব। থলুৱা শিপিনীসকলক অৰ্থনৈতিক সুৰক্ষা প্ৰদানৰ লগতে পাৱাৰলুমৰ আগ্রাসনৰ পৰা অসমৰ হস্ততাঁত পৰম্পৰাৰ সংৰক্ষণতো এই প্ৰক্ৰিয়াই যথেষ্ট সহায় কৰিব বুলি আশা কৰা হৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে বস্ত্রশিল্প হৈছে অসমৰ ঐতিহ্যক শক্তিশালীভাৱে প্ৰতিফলিত কৰা অনন্য শিল্প। বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয়তাৰে সমুজ্জ্বল অসমৰ বস্ত্রশিল্পই আমাৰ জাতিটোক স্বৰূপেৰে উদ্ভাসিত কৰি আহিছে। অসমৰ বস্ত্রশিল্পই দেশ-বিদেশত সমাদৰ লাভ কৰিছে। ক’ভিডৰ সময়ত অসমৰ বস্ত্রশিল্পই সংকটৰ মুখামুখি হৈছিল। অসমত ১২ লাখ পঞ্জীয়নভুক্ত শিপিনী আছে বুলি উল্লেখ কৰি তেওঁ কয় যে মেছিনৰ দ্বাৰা প্ৰস্তুত হোৱা বস্ত্রৰ বাবে শিপিনীসকলে প্ৰত্যাহ্বান সন্মূখীন হৈছে। পাৱাৰলুমৰ বস্ত্র ব্যৱহাৰ হোৱাৰ ফলত হস্ততাঁত বস্ত্রই সংকটৰ সন্মূখীন হৈছে। বহুতেই পাৱৰলুমৰ গামোচা ব্যৱহাৰ কৰে। এইক্ষেত্রত চৰকাৰৰ হস্তক্ষেপৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি তেওঁ ভাষণত উল্লেখ কৰে। যাৰ বাবে শিপিনীৰ পৰা গামোচা, আৰনাই আদি চৰকাৰীভাৱে ক্ৰয় কৰি বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে ফেব্ৰুৱাৰী মাহৰ পৰা বিভাগে অভিযান চলাব লাগিব যাতে অসমৰ কতো পাৱাৰলুমৰ গামোচা নাথাকে। সেইদৰে মেখেলা-চাদৰো পাৱাৰলুমৰ নিষিদ্ধ বুলি তেওঁ সদৰি কৰে। লগতে তেওঁ গামোচাক জনপ্ৰিয় কৰি বিশ্বজনীন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানত হস্ততাঁত বস্ত্রশিল্প আৰু ৰেচম বিভাগৰ মন্ত্রী ইউ জি ব্ৰক্ষ্ম, কৃষিমন্ত্রী অতুল বৰা, পৰিবহণ মন্ত্রী পৰিমল শুক্লবৈদ্য, ৰাজহ বিভাগৰ মন্ত্রী যোগেন মহন, বিত্তমন্ত্রী অজন্তা নেওগ, চাহ জনজাতি কল্যান বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, সমবায় বিভাগৰ মন্ত্রী নন্দিতা গাৰ্লোচা, সাংসদ কুইন ওজা, আৰ্টফেডৰ অধ্যক্ষ নাথুৰাম বড়োকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া উপস্থিত আছিল।