গুৱাহাটী,১৩ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত সংযোজন হ’ল আৰু এখন উদ্যানৰ। আজি গুৱাহাটীৰ উজানবজাৰস্থিত যোৰপুখুৰী পাৰ্কৰ শুভ উদ্বোধন কৰা হয়। গুৱাহাটীৰ ঐতিহ্যমণ্ডিত যোৰপুখুৰীক আধুনিক ৰূপত সজাই-পৰাই উদ্যানৰ ৰূপ দিয়া হৈছে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰধিকৰণে ‘অম্ৰুট’ৰ সহযোগত যোৰপুখুৰী পাৰ্কখন নিৰ্মাণ কৰি উলিয়াইছে। নতুন ৰূপৰ যোৰপুখুৰী পাৰ্কখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ যে আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰা যোৰপুখুৰী গুৱাহাটীৰ অন্যতম ঐতিহ্যময় পৰ্যটন স্থলী। ৰাজ্য চৰকাৰৰ পদক্ষেপ আৰু অম্ৰুট অভিযানৰ অধীনত ৩.২৩ কোটি টকা ব্যয়সাপেক্ষ উদ্যানখন নিৰ্মাণ কৰা হৈছে। উদ্যানখন মুকলি কৰি ভাষণত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে দুয়োটা পুখুৰীক নতুন ৰূপত পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাকৈ নিমাণ কৰি উলিওৱা হৈছে। উজানবজাৰৰ এই ঐতিহাসিক যোৰপুখুৰীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা উদ্যানখন যাতে ব্যৱসায়িক ক্ষেত্রলৈ ৰূপান্তৰিত নহয় তাৰ ব্যৱস্থা কৰা হ’ব। তেওঁ লগতে কয় যে গুৱাহাটী মহানগৰী কেৱল উত্তৰ-পূবৰেই নহয় দক্ষিণপূব এছিয়াৰ দূৱাৰমুখ। গুৱাহাটী মহানগৰীত বহু সমস্যা আছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে এই সমস্যাসমূহৰ সমাধানৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। পানী যোগান আঁচনিৰ প্ৰথম পৰ্যায়ৰ যোগেদি ১০ হাজাৰ পৰিয়ালক পানী যোগান দিয়া হৈছে। আগন্তুক এক-ডেৰ বছৰৰ ভিতৰত সমগ্ৰ মহানগৰবাসীক পানী যোগান ধৰাৰ প্ৰচেষ্টা অৱ্যাহত আছে। নিৰ্মীয়মান উৰণীয়া সেতু কেইখন সম্পূৰ্ণ হ’লে গুৱাহাটীৰ যাতায়ত ব্যৱস্থা সূচল হ’ব বুলি তেওঁ ভাষণত উল্লেখ কৰে। তেওঁ লগতে কয় যে এপ্ৰিলত এইমছৰ ক‍াম সম্পূৰ্ণ হ’ব। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰকল্পৰ বিষয়ে উল্লেখ কৰি তেওঁ এইক্ষেত্রত ৰাইজৰ সহযোগীতা কামনা কৰে। তেওঁ লগতে কয় যে আগন্তুক সময়ত আমাৰ চৰকাৰে গুৱাহাটীক এখন সর্বাংগসুন্দৰ চহৰলৈ ৰূপান্তৰিত কৰিবলৈ অধিক পদক্ষেপ ল’ব আৰু যাৰ জৰিয়তে গুৱাহাটীবাসীৰ আশা-আকাংক্ষা পূৰণ হ’ব। অনুষ্ঠানত সাংসদ কুইন ওজাই কয় যে মুখ্যমন্ত্রীৰ হস্তক্ষেপত এই যোৰপুখুৰীয়ে নতুন ৰূপ পালে। মুল্যৱান পুখুৰী দুটা এটা সময়ত অবহেলিত হৈ পৰি আছিল। এতিয়া পুনৰ নতুন ৰূপ পালে। স্থানীয় ৰাইজৰ দীৰ্ঘদিনীয়া অভাৱ পূৰন হ’ল। এইখন চৰকাৰে গুৱাহাটীবাসীৰ বহু অভাৱ-অভিযোগ দূৰ কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ কয়। অনুষ্ঠানত মন্ত্রী অশোক সিংঘালে কয় যে গুৱাহাটীৰ অতি পুৰনি অঞ্চল উজানবজাৰৰ ঐতিহ্যমণ্ডিত যোৰপুখুৰীৰ পুনৰ নিৰ্মাণ কৰি আজি মুকলি কৰা হ’ল। এটা সময়ত যোৰপুখুৰীৰ ব্ৰক্ষ্মপুত্রৰ লগত সংযোগ আছিল। বেদখলৰ কৱলত পৰি সেই সংযোগ নোহোৱা হৈ পৰিল। ব্ৰক্ষ্মপুত্রৰে পূৰ্বৰ সেই সংযোগ পুনৰ উদ্ধাৰৰ বাবে চেষ্টা কৰা হ’ব। গুৱাহাটীত অহা দিনত আৰু পুখুৰী নিৰ্মাণ কৰা হ’ব। গুৱাহাটীবাসীয়ে অনাগত দিনত আৰু উন্নয়ন দেখিব বুলি তেওঁ কয়। অনুষ্ঠানত জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়া, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি ভালেসংখ্যক চৰকাৰী বিষয়া উপস্থিত আছিল।