বঙাইগাঁও ১৬ জানুৱাৰী : বঙাইগাঁও জিলা পৰিবহন বিভাগৰ বিষয়াক মাহেকীয়া ধন দি প্ৰতিদিনে অভাৰলোড কৰি ইটা সৰবৰাহ কৰে জিলাখনৰ বিভিন্ন প্ৰান্তত। পৰিবহন বিষয়া ৰানা ঘোষক মাহেকীয়া ৪ হাজাৰ কৈ টকা দিয়াৰ কথা উল্লেখ কৰিছে একাংশ গাড়ী চালকে। ৰাতিপুৱাৰ পৰা ইটাৰ গাড়ীৰ দীঘলীয়া শাৰীৰ বাবে আন আন যান বাহন চলাচলত ব্যহত হৈ পৰিছে। বঙাইগাঁও জিলা পৰিবহন বিভাগৰ বিষয়াক মেনেজ কৰি প্ৰতিদিনে এইদৰে সৰবৰাহ হয় অভাৰলোডিং ইটাভৰ্তি গাড়ী। ইয়াৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত বঙাইগাঁও জিলা পৰিবহন বিভাগ। পৰিবহন বিষয়া ৰানা ঘোষক মাহেকীয়া হিচাপে ৪ হাজাৰকৈ টকা দি ইটা সৰবৰাহ কৰে বুলি উল্লেখ কৰে একাংশ গাড়ী চালকে। যি সময়ত মুখ্যমন্ত্ৰীৰ হুংকাৰ যে কোনো ঘোচখোৰ বিষয়া সাৰি যাব নোৱাৰিব সেই সময়তে বঙাইগাঁও জিলা পৰিবহন বিভাগে ধন সংগ্ৰহ কৰি অভাৰলোডিং ইটাভৰ্তি গাড়ী পাৰাপাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Home অসম আৰু উত্তৰপূব বঙাইগাঁও জিলা পৰিবহন বিষয়াই ধনৰ বিনিময়ত অনুমতি প্রদান কৰে অভাৰলোড ইটা সৰবৰাহ...










