গুৱাহাটী,১৬ জানুৱাৰীঃ ২০২২ বৰ্ষত অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ যথেষ্ট হ্ৰাস পাইছে। এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ।সোমবাৰে উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই কয় যে ৰাজ্যখনৰ অপৰাধীসকলৰ প্ৰতি আৰক্ষীৰ দৃষ্টিভংগীৰ বাবেই যে কেৱল মহিলাৰ বিৰুদ্ধে অপৰাধেই নহয়, সামগ্ৰিক অপৰাধৰ গ্ৰাফতো যোৱা বছৰ তীব্ৰ পতন ঘটিছে। মহন্তই কয় যে যে ২০২১ চনত ২৯,০৪৬টা গোচৰৰ বিপৰীতে ২০২২ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ মুঠ গোচৰৰ সংখ্যা ১২,০৩৪ টালৈ হ্ৰাস পাইছে। আনহাতে শিশুৰ বিৰুদ্ধে অপৰাধৰ সংখ্যাও ৪,৩০৬ লৈ হ্ৰাস পাইছে। যিটো পূৰ্বৰ বছৰত ৫,২৮২ আছিল। একেদৰে ২০২২ চনত মানৱ সৰবৰাহৰ গোচৰৰ সংখ্যাও ৯৬টালৈ হ্ৰাস পাইছে। ২০২১ চনত সম্পত্তিৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা ২৯,১১৩ৰ পৰা ২০২২ চনত ১৪,৩৮১লৈ হ্ৰাস পাইছে। আনহাতে নিচাযুক্ত দ্ৰব্যৰ সৈতে জড়িত অপৰাধৰ বিৰুদ্ধে সৰ্বাত্মক প্ৰচেষ্টাৰ বাবে ২০২২ চনত এন ডি পি এছ আইনৰ অধীনত মুঠ ২,৮৭৮টা গোচৰ পঞ্জীয়ন হৈছিল। অসম আৰক্ষীয়ে ২০২২ চনত ৪,৬৯১২ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ১১২ কেজি হেৰ’ইন, ৪৯,০০০ কেজি গঞ্জা, ৫২ লাখ টেবলেট, ২১ লাখতকৈ অধিক ক’ফ চিৰাপৰ বটল, ২১৫ কেজি আফিং জব্দ কৰিছিল। কনিষ্টবল চাকৰিৰ ভুৱা চাৰ্টিফিকেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে যোগ্য সকলে চাকৰি পাব। যিসকলৰ চাৰ্টিফিকেট ভুৱা নহয় বুলি প্ৰমাণিত হৈছে তেওঁলোকে চাকৰি পাব। তেওঁ লগতে কয় যে আৰক্ষীত প্ৰায় ৪,৫০০ নতুন নিযুক্তি হ’ব। আৰক্ষী থানাত মানুহ কেতিয়াওঁ পৰ্য্যাপ্ত নাথাকে। কিন্তু পূৰ্বতকৈ ভাল স্থিতিত আছে অসম আৰক্ষী।