ৰঙিয়া ১৭ জানুৱাৰী :- সাম্প্ৰতিক সময়ত পথ দুৰ্ঘটনাই এক ভয়ানক ৰূপ ধাৰণ কৰিছে । প্ৰতিটো দিনত পথ দুৰ্ঘটনাই কাঢ়ি নিছে মানুহৰ জীৱন । এই পথ দুৰ্ঘটনা ৰোধৰ বাবেই চৰকাৰে লৈছে বিভিন্ন পদক্ষেপ । তাৰেই অংশ হিচাপে ৰঙিয়াতো পালন কৰা হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ । “পথ সুৰক্ষা জীৱন ৰক্ষা” শ্লোগানেৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে পৰিবহন বিভাগে । ৰঙিয়াৰ আই ও চিত থকা টাটা মটৰ্চৰ ওৱাৰ্কচৰ সন্মুখত পৰিবহণ বিভাগে ৰঙিয়া আৰক্ষীৰ লগতে লোক নিৰ্মাণ বিভাগৰ উদ্যোগত ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰে । যোৱা ১১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ সামৰণি পৰে ১৭ জানুৱাৰীত । এই অনুষ্ঠানটোত কামৰূপ জিলাৰ পৰিবহণ বিষয়া ৰূপজ্যোতি কলিতা, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি জাভিৰ ৰাহুল সুৰেশ, এন এইচ আইৰ পথ সুৰক্ষা বিষয়া কল্যাণ দত্ত । ৰঙিয়া ক্ষেত্ৰিয় পথ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা দীপক বৈশ্য ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ লগতে কেইবাগৰাকী ও বিষয়া উপস্থিত থাকে । উপস্থিত বিষয়া সকলে পথ সুৰক্ষাৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে ।