হাটশিঙীমাৰী, ২৬ জানুৱাৰীঃ- আজি সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰ প্ৰাংগনত জিলা প্ৰশাসনৰ উদ্যোগত ৭৪ তম গণৰাজ্য দিৱস উদযাপন কৰা হয়। আজিৰ এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্ত পল্লবী সৰকাৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে জিলা মুখ্য ন্যায়াধীশ মতিলাল দাস, জিলা আৰক্ষী অধীক্ষক হৰেণ তকবী, জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া ফজলুল কৰিম লস্কৰ, জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান, জিলা খনৰ গণ্য মান্য ব্যক্তি, জিলাখনত থকা বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জিলা খনৰ সকলো বৰ্গৰ চৰকাৰী কৰ্মচাৰী সকল৷ এই অনুষ্ঠানত জিলা উপায়ুক্ত পল্লবী সৰকাৰে বহুমূলীয়া ভাষণ প্ৰদান কৰাৰ লগতে বিভিন্ন ধৰণৰ দেশ প্ৰেম মূলক গীত, নৃত্য পৰিৱেশন আৰু বিভিন্ন ধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰা হয়।