নিউজ ডেক্সঃবলীউডৰ প্ৰবীণ অভিনেতা অনু কাপুৰ হঠাৎ অসুস্থ হৈ পৰে। বুকুৰ বিষৰ বাবে বৃহস্পতিবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় অভিনেতাগৰাকীক। অভিনেতাগৰাকীক দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পৰিয়ালৰ সূত্ৰ অনুসৰি অভিনেতা গৰাকীয়ে হঠাতে বুকুৰ বিষ অনুভৱ কৰে।চিকিৎসালয় কৰ্তৃপক্ষৰ মতে, অভিনেতাগৰাকী এতিয়া অতি সুস্থ বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিছুদিনৰ বাবে তেওঁক চিকিৎসালয়ত ৰখা হ’ব।হিন্দী বিগ স্ক্ৰীণৰ জনপ্ৰিয় অভিনেতা অনু ৱেব ছিৰিজৰ পৰা আৰম্ভ কৰি ডাঙৰ পৰ্দালৈকে তেওঁৰ অভিনয়ত দৰ্শক আপ্লুত। ‘মিষ্টাৰ ইণ্ডিয়া’ৰ পৰা ‘জলী এল এল বি ২’লৈকে তেওঁৰ বেল্টৰ তলত কেইবাখনো ছবি আছে। ‘ভিকি ড’নাৰ’ ছবিখনৰ বাবে ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয় আন্নুক। ইয়াৰ পিছত দৰ্শকে ‘ড্ৰিম গাৰ্ল ২’ ছবিখনত দেখা পাব অনুন্নুক।
Home স্বাস্থ্য আৰু জীৱনশৈলী সংকটজনক অৱস্থাত থকা অভিনেতা অনু কাপুৰ দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে