লখিমপুৰ, ২৭ জানুৱাৰী : সমগ্র দেশৰ লগতে লখিমপুৰতো উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসমৰ চকাৰৰ জল সম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ।পতাকা উত্তোলন কৰি মন্ত্ৰীয়ে নিজৰ ভাষণত দেশৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদ আৰু সংগ্ৰামী সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । লগতে দেশখনৰ সাৰ্বভৌমত্ব আৰু সংহতি সুৰক্ষিত ৰাখিবলৈ সীমান্তত নিজৰ জীৱন উছৰ্গা কৰা বীৰসকললৈও তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেঁও ভাষণত বিগত সময়ত জিলাখনত ৰূপায়ন কৰা বিভিন্ন চৰকাৰী বিভাগৰ বিভিন্ন জনকল্যাণমূলক আঁচনি সমূহৰ বিষয়ে অৱগত কৰে। ভাষণ প্ৰসংগত তেঁও বৰ্তমান চৰকাৰখনে দুখীয়া মহিলা সকলৰ সৱলীকৰণৰ বাবে গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ বিষয়ে উল্লেখ কৰে । ভাৰত চৰকাৰৰ “আত্ম নিৰ্ভৰ ভাৰত” ৰ আৰ্হিত এখন “আত্ম নিৰ্ভৰ লখিমপুৰ” গঢ়ি তুলিবলৈ মন্ত্ৰী গৰাকীয়ে সকলোকে আহ্বান জনায় । লগতে যুৱ প্ৰজন্মক ঔদ্যোগীকৰণৰ জৰিয়তে স্বনিৰ্ভৰশীল হ’বলৈ আহ্বান জনায় । তেঁও মিছন বসুন্ধৰা ২.০,মিছন ভূমিপুত্ৰ, নূন্যতম সমৰ্থন মূল্যত
ধানক্ৰয় , জলজীৱন মিছন, আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, প্ৰধানমন্ত্ৰী কৃষি সঞ্চয় যোজনা,মূখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য উন্নয়ন যোজনা আদি বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজক বহুলভাৱে অৱগত কৰে।প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “সবকা সাথ,সবকা বিকাশ আৰু সবকা প্ৰয়াস”ৰ বিষয়ে তেখেতে উল্লেখ কৰে।ভাষণৰ অন্তত মন্ত্ৰী গৰাকীয়ে আৰক্ষী, এন. চি. চি., স্কাউট গাইড, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ত্ৰয়োদশ অসম আৰক্ষী বাহিনীৰ ব্ৰেণ্ড পাৰ্টি ৰ কুচকাৱাজৰ অভিবাদন গ্রহণ কৰে । কুচকাৱাজৰ এন, চি,চি শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্ত) আৰু বিদ্যালয়সমূহৰ শাখাত প্ৰথম পুৰস্কাৰ লাভ কৰে উত্তৰ লখিমপুৰ বালিকা মহাবিদ্যালয় আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰে সৰ্বেশ্বৰ বৰুৱা হাইস্কুলে ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়িকা জুনুমা কোঁচে সুন্দৰকৈ আঁত ধৰা অনুষ্ঠানত জিলা কৃষি, ৰেচম,পৰিবহন, স্বাস্থ্য, দুৰ্যোগ ব্যৱস্থাপনা,জনস্বাস্থ্য কাৰিকৰী আদি বিভিন্ন বিভাগৰ দ্বাৰা প্ৰতীক পট সমূহ প্ৰদৰ্শন কৰা হয়। জিলাখনৰ সংগীত কানন, বাঁহগড়া দেউৰী লাচিত সংঘ আৰু আকাংক্ষা সাংস্কৃতিক কলা কেন্দ্ৰৰ দলে তেওঁলোকৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ।উক্ত অনুষ্ঠানত লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা ,জিলা উপায়ুক্ত সুমিত সত্তাৱন, জিলা আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা,জ্যেষ্ঠ নাগৰিক, বুদ্ধিজীৱী প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে হেজাৰোধিক স্থানীয় লোকে অংশগ্ৰহণ কৰে ।
