গুৱাহাটী,২৮ জানুৱাৰীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল। অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব বৰ্ত্তমান বিশেষ আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্বত থকা জি পি সিং। অসম আৰক্ষীৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান কোন হ’ব তাকে লৈ ব্যাপক চৰ্চা অব্যাহত থকাৰ সময়তে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে পৰৱৰ্তী সঞ্চালক প্ৰধানৰ নাম। কলাক্ষেত্রত আজি নিযুক্তি পত্র বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় যে দুই-এদিনতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই অৱসৰ গ্ৰহণ কৰিছে। ইয়াৰ পাছতেই পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব জি পি সিঙে। মুখ্যমন্ত্রীয়ে আজি ৰাজহুৱাভাৱে অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধান হিচাপে জি পি সিঙৰ নাম ঘোষণা কৰে।
উল্লেখ যে ৩১ জানুৱাৰীত ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ কাৰ্যকালৰ অন্ত পৰিব। ৩১ জানুৱাৰীত অৱসৰ ল’ব ভাস্কৰজ্যোতি মহন্তই। যাৰ পৰিপ্ৰেক্ষিতত এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিৰ প্ৰসংগটো শেহতীয়াকৈ চৰ্চাত আছিল। অৱশ্যে এই চৰ্চাৰ শীৰ্ষত আছিল আইন-শৃংখলাৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ নাম। ১৯৯১ চনৰ আই পি এছ বিষয়া হৈছে জি পি সিং। উল্লেখ যে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ চৰ্চাত আছিল বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এছ এন সিঙ, হৰমিত সিং, ৰামপ্ৰসাদ মিনা, দীপক কুমাৰ, এল আৰ বিষ্ণই আদি কেইবাগৰাকী আই পি এছ বিষয়াৰ নাম। কিন্তু অৱশেষত আজি সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই মুখ্যমন্ত্রীয়ে অসমৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে জি পি সিঙৰ নাম ঘোষণা কৰে। লক্ষণীয় বিষয় যে জি পি সিং মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ আৰু বিশ্বস্ত।










