গুৱাহাটী,৩১ জানুৱাৰীঃ গুৱাহাটীৰ কাহিলিপাৰাস্থ চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিদায়ী অনুষ্ঠানৰ আয়োজন কৰা হয়। আটকধুনীয়া বিদায়ী কুচ-কাবাজত অংশ গ্ৰহণ কৰি বিদায়ী আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে। বিদায়ী পেৰেডৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দিয়া অন্তিমটো ভাষণত ভাস্কৰজ্যোতি মহন্তই কয় যে চাকৰিত যোগদান কৰাৰ পাছত অৱসৰ গ্ৰহণ কৰাটো এটা নিয়ম। গতিকে ইয়াত আবেগৰ কথা নাই। অসম আৰক্ষী এটা চাকৰি নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে আমি কেৱল চাকৰি কৰি থকা নাই। এই দায়িত্ব আৰু কৰ্ত্তব্য চাকৰিৰ ওপৰত। অসম আৰক্ষীয়ে আমাক সেয়া কৰিবলৈ সুবিধা দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসম পুলিচ কেৱল কিছুমান মানুহৰ সমষ্টি নহয়। অসম পুলিচ এটা দৰ্শন তথা জীৱনৰ এক গতি। অৱসৰ গ্ৰহণ কৰিলেও অসম আৰক্ষীৰ এটা অংশ হৈ থাকিম বুলি সদৰি কৰি তেওঁ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে বিগত তিনিবছৰ সেৱা আগবঢ়োৱাৰ ক্ষেত্রত নিজকে ভাগ্যৱান বুলি কয়। অসম আৰক্ষীক লৈ দেখা সপোনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্রী হিচাপে দায়িত্ব লোৱাৰ পাছতে অসম আৰক্ষীত আমোল পৰিৱৰ্তন সম্ভৱ হৈছে। বিগত ডেৰটা বছৰত এটাৰ পাছত আনটোকৈ সপোন সাৰ্থক হোৱা বুলি তেওঁ ভাষণত উল্লেখ কৰে। তেওঁ অসম আৰক্ষী তেলেংগানাৰ দৰে ৰাজ্যৰ পুলিচৰ দৰে শ্ৰেষ্ঠ পুলিচ হ’ব বুলি সদৰি কৰি কয় যে অসম আৰক্ষী সেই দিশে গৈ আছো। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে তিনিবছৰীয়া কাৰ্যালয়ত যথেষ্ট সন্তুষ্ট বুলি মনৰ ভাৱ ব্যক্ত কৰি তেওঁ কয় যে তেওঁ তেওঁৰ কাৰ্যকালত সকলোৰে পৰা সহযোগ লাভ কৰিছে। ইয়াৰ বাবে তেওঁ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ সংবাদ মাধ্যমকো ধন্যৱাদ জ্ঞাপন কৰে। অনুষ্ঠানত নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কয় যে আজি এটা আবেগৰ দিন। ভাস্কৰজ্যোতি মহন্তৰ সৈতে থকা দীৰ্ঘদিনীয়া ঘনিষ্ঠ সম্পৰ্কৰ কথা উল্লেখ কৰি জি পি সিঙে কয় যে বিগত তিনিবছৰ তেওঁৰ নেতৃত্বত আইন শৃংখলাৰ দায়িত্বত আছিলো। আৰক্ষী সঞ্চালক প্ৰধান হিচাপে আগন্তুক পাঁচ বছৰ ভাস্কৰজ্যোতি মহন্তৰ পথ নিৰ্দেশনাত কাম কৰি যাব বুলি নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ভাষণত সদৰি কৰে। অনুষ্ঠানত ভাস্কৰজ্যোতি মহন্তৰ পত্নী আৰু কন্যাৰ উপৰি অসম আৰক্ষীৰ ভালেসংখ্যক শীৰ্ষ বিষয়া উপস্থিত আছিল।