হোজাই,১ ফেব্ৰুৱাৰীঃ হোজাই জিলাৰ ২নং ছাৰ্কেবস্তীৰ এজন যুৱকে এবছৰ পূৰ্বে জীৱিকাৰ বাবে কেৰেলালৈ গৈছিল। কিন্তু হঠাৎ পথ দুর্ঘটনাত মৃত্যু হয় যুৱকজনৰ। যুৱকজনৰ নাম মহম্মদ আফতাৰ হুছেইন। জানিব পৰা মতে কেৰেলাৰ এটা বেচৰকাৰী কোম্পানিত কাম কৰিছিল যুৱক জনে। কৰ্মস্থানলৈ যোৱাৰ সময়ত পালা ঘাট মেন ৰোড পাৰ হৈ থকা অৱস্থাত এখন তীব্র বেগী গাড়ীয়ে যুৱকজনক খুন্দা মাৰে। দুর্ঘটনাৰ পাছত চালকজনে গাড়ী লৈ পলায়ন কৰে আৰু স্থানীয় লোকে যুৱকজনক এখন চৰকাৰী হাস্পতাললৈ লৈ় যায় যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। বৰ্তমান যুৱকজনৰ মৃতদেহ অনাৰ বাবে পৰিয়াল লোক আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। আত্মীয়ৰ তৰফৰ পৰা অসম চৰকাৰৰ লগতে সাংসদ বদৰুদ্দিন আজমলক সহায়ৰ বাবে আহ্বান জনোৱা হৈছে। লগতে হৃদয়মান লোকৰ পৰা সহায় বিচাৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।
