উত্তৰ গুৱাহাটী,১ ফেব্ৰুৱাৰীঃ পুনৰ চৰকাৰে সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাই জাহাজৰ ভাড়া বৃদ্ধি কৰিলে। আজিৰ পৰা প্ৰযোজ্য কৰা হৈছে নতুন নিৰিখ। অসম জলপৰিবহন নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰকাশ কৰা নতুন নিৰিখ অনুসৰি পূৰ্বৰ নিৰিখৰ তুলনাত দুগুন কৰাৰ লগতে নৈশ ফেৰীৰো ভাৰা দুগুন কৰা হৈছে। নতুন নিৰিখ মতে পুৱা ছয় বজাৰ নিশা আঠ বজালৈ যাত্ৰীভাৰা পাঁচ টকা চাইকেল আৰু আৰোহী দহ টকা আৰু বাইক আৰোহীসহ পোন্ধৰ টকা। ইয়াৰ পূৰ্বৰ নিৰিখ আছিল আঢ়ৈ টকা , চাৰি টকা পঞ্চাশ পইছা আৰু বাইক আৰোহীসহ সাত টকা। নিশাৰ নতুন নিৰিখ মতে ( আঠ বজাৰ পিছত) যাত্ৰীৰ দহ টকা। বাইক আৰোহী ত্ৰিশ টকা আৰু চাইকেল আৰোহী কুৰি টকা। ৰূপেক্স সেৱা আঠ টকাৰ পৰিবৰ্তে কুৰি টকা ,বাইক আৰোহী তেইশ টকাৰ পৰিবৰ্তে পঞ্চলিশ টকা। নিশা আঠ বজাৰ পিছত যাত্ৰীৰ ত্ৰিশ টকা। বাইক আৰোহী নব্বৈ টকা। চাইকেল আৰোহীৰ ভাৰা পঞ্চাশ টকা। জল পৰিবহন বিভাগৰ এই বৰ্দ্ধিত ভাৰাক লৈ জাঙোৰ খাই উঠিছে পাৰাপাৰ যাত্ৰী। শীঘ্ৰে এই ভাৰা প্ৰত্যাহাৰ নকৰিলে গণ আন্দোলনৰ হুংকাৰ দিছে যাত্ৰীয়ে।