ধুবুৰী ৬ ফেব্ৰুৱাৰী: বিজেপি চৰকাৰৰ সহযোগত উদ্যোগপতি আদানীয়ে ষ্টেট বেংক আৰু এলআইচিৰ সাধাৰণ খাটি খোৱা জনতাৰ ধন লুণ্ঠন কৰাৰ অভিযোগ তথা বিত্তীয় সেই প্ৰৱঞ্চনাৰ বিৰুদ্ধে আজি ধুবুৰীত জিলা কংগ্ৰেছৰ উদ্যোগত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়িত হয়। চহৰখনৰ ষ্টেট বেংকৰ মূল শাখাৰ সন্মুখৰ ৰাজপথৰ সমীপত হাতে হাতে দলীয় পতাকালৈ প্ৰতিবাদকাৰী সকলে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। লগতে প্ৰতিবাদকাৰীসকলে উদ্যোগপতি গৰাকীৰ বিৰুদ্ধে চৰকাৰে এক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰাৰো দাবী জনায়।

Home অসম আৰু উত্তৰপূব উদ্যোগপতি আদানীয়ে খাটি খোৱা জনতাৰ ধন প্ৰৱঞ্চনাৰ লুণ্ঠন কৰাৰ অভিযোগেৰে ধুবুৰীত জিলা...