হাটশিঙীমাৰী, ৭ ফেব্ৰুৱাৰীঃ- দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বাল্য বিবাহৰ ফলত বিগত এপ্ৰিল ২০২২ চনৰ পৰা জানুৱাৰী ২০২৩ চনলৈ এই দহটা মাহত ১২০৩ গৰাকী নাবালিকা প্ৰসূতিয়ে প্ৰসৱ ধাৰণ কৰিছে বুলি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ মিনহাজ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। যুটীয়া সঞ্চালক গৰাকীয়ে জানিব দিয়া মতে জিলাখনত মুঠ জনসংখ্যা ৫ লাখ তিনি হেজাৰ ৩১ গৰাকী। যোৱা বছৰত জিলাখনত সন্তান প্ৰসৱ কৰা ১০৭৮৬ গৰাকী প্ৰসূতিৰ ভিতৰত ১২০৩ গৰাকীয়েই হ’ল নাবালিকা। কিশোৰী অৱস্থাত গৰ্ভৱতী হোৱাৰ বাবে এই মহিলা সকলে শাৰীৰিক আৰু মানসিক ভাবে বহু সমস্যাৰ সন্মুখীন হয়৷ লগতে তেওঁলোকে জন্ম দিয়া শিশুৰ ওজন কম হোৱাৰ লগতে নানান ধৰণৰ বেমাৰ আজাৰ হোৱা পৰিলক্ষিত হয়৷ এই নাবালিকা গৰ্ভৱতী প্ৰতিৰোধ কৰিবলৈ জিলা স্বাস্থ্য বিভাগে ভিতৰুৱা অঞ্চল সমূহত নানান ধৰণৰ সজাগতামূলক অনুষ্ঠান কৰাৰ লগতে জিলাখনত থকা প্ৰতিটো উপ স্বাস্থ্য কেন্দ্ৰত ভি এচ এন ডি পাতি আশাকৰ্মী, আশা ছুপাৰভাইজাৰ আৰু নাৰ্চৰ জৰিয়তে চেষ্টা অব্যাহত ৰাখিছে বুলি সংবাদমেল যোগে সাংবাদিকক জানিবলৈ দিয়ে৷