গুৱাহাটী,১০ ফেব্ৰুৱাৰীঃ ৰাজ্যজুৰি অব্যাহত থকা বাল্য বিবাহ বিৰোধী অভিযানত এতিয়ালৈকে ২৭৮৯ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ যে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত যোৱা শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা বাল্য বিবাহ বিৰোধী অভিযান আজি আঠদিনত ভৰি দিছে। এতিয়ালৈকে ৰুজু হোৱা চাৰি সহস্ৰাধিক গোচৰৰ বিপৰীতে গ্ৰেপ্তাৰ কৰা হৈছে ২৭৮৯ জন লোকক। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ো টুইট যোগে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা উল্লেখ কৰি কয় যে এই অভিযান অব্যাহত আছে। ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা বৃহৎ অভিযানক লৈ ৰাজ্যজুৰি অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাই জিলাই কান্দোনৰ ৰোল উঠিছে। লগতে হৈছে প্ৰতিবাদ। কিন্তু তথাপিও অব্যাহত আছে যুদ্ধ সদৃশ অভিযান। আজিও ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সকলৰ ভিতৰত বাল্য বিবাহ কৰা স্বামীৰ উপৰি পৰিয়ালৰ লোক, কাজি, মৌলানা আৰু পুৰোহিতো আছে। আনকি বাল্য বিবাহত উপস্থিত থকা লোককো গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখ যে এতিয়ালৈকে হোজাই জিলাত সৰ্বাধিক ২১৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জিলাখনত গোচৰ ৰুজু হৈছে ২৫৫ টা। আনহাতে বজালিত ৫৮ টা গোচৰৰ বিপৰীতে ৫১ জনক, বাক্সাত ১৫৩ টাৰ বিপৰীতে ১৫৮ জনক, বৰপেটাত ১০৭ টাৰ বিপৰীতে ১৪৬ জনক, বঙাইগাঁৱত ১৫২ টাৰ বিপৰীতে ১২১ জনক, কাছাৰত ৫৩ টাৰ বিপৰীতে ৮২ জনক, চৰাইদেউত ৭৮ টাৰ বিপৰীতে ৭ জনক, চিৰাঙত ৫৪ টাৰ বিপৰীতে ৪৫ জনক, দৰঙত ১২৬ টাৰ বিপৰীতে ৬৭ জনক, ধেমাজিত ১০১ টাৰ বিপৰীতে ২৯ জনক, ডিব্ৰুগড়ত ৮৩ টাৰ বিপৰীতে ৬ জনক, ডিমা হাচাওত ২৩ টাৰ বিপৰীতে ১৫ জনক, গোৱালপাৰাত ১৫৮ টাৰ বিপৰীতে ৯০ জনক, গোলাঘাটত ৮১ টাৰ বিপৰীতে ২৯ জনক, হাইলাকান্দিত ১০৯ টাৰ বিপৰীতে ১১৮ জনক, হামৰেনত ১৫ টাৰ বিপৰীতে ১০ জনক, যোৰহাটত ২৫ টাৰ বিপৰীতে ৭ জনক, কামৰূপত  ১০১ টাৰ বিপৰীতে ১০২ জনক, কাৰ্বি আংলঙত ১২৬ টাৰ বিপৰীতে ৫৩ জনক, কোকৰাঝাৰত ২০৯ টাৰ বিপৰীতে ১০৮ জনক, কৰিমগঞ্জত ১০৩ টাৰ বিপৰীতে ১০৭ জনক, লখিমপুৰত ৩৬ টাৰ বিপৰীতে ৩১ জনক, মাজুলীত ৪৪ টাৰ বিপৰীতে ২৪ জনক, মৰিগাঁৱত ১৯১ টাৰ বিপৰীতে ১২৮ জনক, নলবাৰীত ১৮৫ টাৰ বিপৰীতে ৪৭ জনক, নগাঁৱত ২০৬ টাৰ বিপৰীতে ১৮৪ জনক, শদিয়াত ৯৭ টাৰ বিপৰীতে ৩৮ জনক, শিৱসাগৰত ৫১ টাৰ বিপৰীতে ২৪ জনক, শোণিতপুৰ ৬৬ টাৰ বিপৰীতে ৩৯ জনক, দক্ষিণ শালমাৰাত ১৪৫ টাৰ বিপৰীতে ৪৭ জনক, তামুলপুৰত ১১৬ টাৰ বিপৰীতে ৬৬ জনক, তিনিচুকীয়াত ৭৫ টাৰ বিপৰীতে ৩৯ জনক, ওদালগুৰিত ২০৫ টাৰ বিপৰীতে ৮৯ জনক আৰু গুৱাহাটী মহানগৰীত ৬৬ টা গোচৰৰ বিপৰীতে ৫৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে চলিছে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান। এই অভিযানৰ সমান্তৰালভাৱে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। ইফালে বাল্য বিবাহৰ স্বীকাৰ হোৱা বালিকাসকলৰ পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ বাবে কেবিনেট কমিটি গঠন কৰা হৈছে। মন্ত্রী ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত আৰু অজন্তা নেওগকলৈ গঠন কৰা উচ্চ পৰ্যায়ৰ কেবিনেট কমিটিখনে এই ক্ষেত্রত অধ্যয়ন কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰিব। প্ৰতিবেদনত কেবিনেট কমিটিয়ে বাল্য বিবাহৰ স্বীকাৰ হোৱা বালিকা সকলৰ পুনৰ সংস্থাপনৰ ক্ষেত্রত দিহা দিব। তাৰেই ভিত্তিতেই চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব।